সাম্ভাব্য বান পৰিস্থিতিক লৈ তৎপৰ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। হাতত বন্দুক লৈ পুৰুষৰ সমানেই মহিলা বনকৰ্মীৰো তহল কাজিৰঙাত।

News18 Assam | News18-Assam
Updated:June 7, 2021, 10:23 AM IST
সাম্ভাব্য বান পৰিস্থিতিক লৈ তৎপৰ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। হাতত বন্দুক লৈ পুৰুষৰ সমানেই মহিলা বনকৰ্মীৰো তহল কাজিৰঙাত।
বানৰ লগত মুকাবিলা কৰিবলৈ উদ্যান কৰ্তৃপক্ষই সাজু কৰিছে ১৪৪ খন হাত নাও আৰু ৮ খন স্পীড ব'ট। কাজিৰঙাৰ দক্ষিনৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছটা স্থানত সংলগ্ন কৰা হৈছে CCTV কেমেৰা।

বানৰ লগত মুকাবিলা কৰিবলৈ উদ্যান কৰ্তৃপক্ষই সাজু কৰিছে ১৪৪ খন হাত নাও আৰু ৮ খন স্পীড ব'ট। কাজিৰঙাৰ দক্ষিনৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছটা স্থানত সংলগ্ন কৰা হৈছে CCTV কেমেৰা।

  • Share this:
ৰাজ্যত চলি থকা কাভিড সৃষ্ট জটিল পৰিস্থিতিৰ মাজতে সমাগত বাৰিষাৰ বান পৰিস্থিতিৰ আশংকাত ক্ৰস্তমান ৰাজ্যবাসী। এনে সময়ত  কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাম্ভাব্য বান পৰিস্থিতক লৈ আগতীয়াকৈ তৎপৰ হোৱা দেখা গৈছে ।উল্লেখ্য, প্ৰতি বছৰে কাজিৰঙাৰ বানৰ সময়ত দিশহাৰা হৈ পৰে জীৱকূল। খাদ্যৰ সন্ধানত জীৱকূল ৩৭নং ৰাষ্ট্ৰীয় ঘাই পাৰ হৈ ঢাপলি মেলে দক্ষিণৰ কাৰ্বি পাহাৰলৈ। যান-বাহনৰ খুন্দাত নিহত হয় বহু বন্য জীৱ-জন্তুৰ।

বন্যপ্ৰাণী সুৰক্ষাৰ বাবে  পুৰুষৰ সমানেই মহিলা বনকৰ্মীৰ পহৰা অব্যাহত কাজিৰঙাৰ বনাঞ্চলত। বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণী আশ্ৰয়ৰ মূলকেন্দ্ৰ হিচাপে চিহ্নিত হোৱা  বাগছেৰ বনাঞ্চলত সস্তম দেখা গৈছে বনকৰ্মী সকলক।

কিছুদিনধৰি  নেৰানেপেৰা বৰষুণৰ দিথকাৰ ফলত কাজিৰঙাত ক্ৰমাৎ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ  যাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত বানৰ সম্ভাৱনা দুগুণে বৃদ্ধি পাইছে।  বানৰ লগত মুকাবিলা কৰিবলৈ ইতিমধ্যে উদ্যান কৰ্তৃপক্ষই সাজু কৰিছে ১৪৪ খন হাত নাও আৰু ৮ খন স্পীড ব'ট।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা মতে, কাজিৰঙাৰ দক্ষিনৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছটা স্থানত সংলগ্ন কৰা হৈছে CCTV কেমেৰা। প্ৰতিখন বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিৰ্দেশনা অনুসৰি প্ৰতিঘণ্টাত ৪০কিলোমিটাৰ ধাৰ্য কৰা হৈছে। যান বাহনৰ গৰাকীয়ে এই আইন উলংঘা কৰিলে উদ্যান কৰ্তৃপক্ষই আইনগত ব্যৱস্থা লোৱাৰ লগতে ৫০০০‌ টকাকৈ জৰিমনা বিহাৰ কথা সদৰি কৰিছে ।
Published by: Manjumoni Borah
First published: June 7, 2021, 10:23 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি