உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ঘোষণা হ'ল কাজিৰঙাত শেহতীয়াকৈ হৈ যোৱা দল হৰিণ আৰু জলচৰ পক্ষীৰ গণনাৰ ফলাফল ...

    ঘোষণা হ'ল কাজিৰঙাত শেহতীয়াকৈ হৈ যোৱা দল হৰিণ আৰু জলচৰ পক্ষীৰ গণনাৰ ফলাফল ...

    ঘোষণা হ'ল কাজিৰঙাত শেহতীয়াকৈ হৈ যোৱা দল হৰিণ আৰু জলচৰ পখীৰ গণনাৰ ফলাফল। যোৱা ডিচেম্বৰ মাহৰ শেষৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প এলেকাত হোৱা চতুৰ্থ পৰিভ্ৰমী আৰু স্থায়ী জলচৰ পক্ষীৰ গণনাৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে উদ্যান কৰ্তৃপক্ষই।

    • Share this:

    উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাত ১২৬ টা প্ৰজাতিৰ গণনাত মুঠ পক্ষীৰ সংখ্যা পোৱা গৈছে ৬৬,৭৭৮। ইয়াৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা চৰাইৰ সংখ্যা ৪২,২০৫ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্ৰাঘ্ৰ প্ৰকল্পৰ অধীনৰ লাওখোৱা আৰু বুঢ়াচাপৰিত পোৱা চৰাইৰ সংখ্যা ২৪,৫৭১।পূৱ অসম বন্যপ্ৰাণী বনসংমণ্ডল,নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলকে ধৰি কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ জলাশয়সমূহত কৰা গণনাৰ পাছত এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। উল্লেখ্যে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনৰ এলেকাত বিগত গণনাত ২১,০০০ পক্ষী পোৱা গৈছিল যদিও এইবছৰৰ গণনাত ৪২, ০০০ লৈ ইয়াৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে।ইপিনে লাওখোৱা আৰু বুঢ়াচাপৰিত চৰাইৰ সংখ্যা হ্ৰাস পোৱাৰ তথ্য পোহৰলৈ আহিছে। উল্লেখ্য যে ২০১৮ বৰ্ষত প্ৰথমবাৰৰ বাবে কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত পৰীক্ষামূলকভাৱে পক্ষীৰ গণনা কৰা হৈছিল। আনহাতে ২০১৮ চনৰ পিছত এই বৰ্ষত হোৱা দলহৰিণৰ গণনাৰ ফলাফলো প্ৰকাশ কৰিলে উদ্যান কৰ্তৃপক্ষই। ২০১৮ বৰ্ষৰ গণনাত দলহৰিণৰ সংখ্যা ৯০৭ টাৰ বিপৰীতে এইবৰ্ষৰ গণনাত দলহৰিণৰ সংখ্যা ৮৬৮ টালৈ হ্ৰাস পাইছে। ২০১৯, ২০ বৰ্ষৰ বানপানীৰ ফলত সংখ্যা হ্ৰাস হোৱা বুলি প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই। কিন্তু পূৰ্বে কহঁৰা আৰু বাগৰী বনাঞ্চলকেন্দ্ৰিক দলহৰণিৰ অৱস্থিতি বৰ্তমান লাওখোৱা বুঢ়াচাপৰি আৰু ওৰাং পৰ্যন্ত বিস্তৃত হৈছে। এইবৰ্ষৰ গণনাত ষষ্ঠ সংযোজন বিশ্বনাথত ৬২ টা দলহৰিণ থকাৰ বিপৰীতে লাওখোৱা বুঢ়াচাপৰিত ২০ টা দলহৰিণ পোৱা গৈছে।
    Published by:Kokil Sarma
    First published: