• Home
  • »
  • News
  • »
  • assam
  • »
  • কাজিৰঙাৰ মূল প্ৰৱেশদ্বাৰ কঁহৰাত কদৰ্যময় পৰিৱেশ ! নাক কোচাব লগা হৈছে পৰ্যটকে ...

কাজিৰঙাৰ মূল প্ৰৱেশদ্বাৰ কঁহৰাত কদৰ্যময় পৰিৱেশ ! নাক কোচাব লগা হৈছে পৰ্যটকে ...

পেলনীয়া প্লাষ্টিকৰ আৱৰ্জনাৰে ভৰিছে কহঁৰাত থকা অসম পৰ্যটনৰ মূল দ্বাৰৰ চৌপাশ। কাজিৰঙাত যদিও এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধ তাৰ পাছতো মুকলিকৈ চলিছে প্লাষ্টিকৰ ব্যৱহাৰ। প্লাষ্টিকৰ আৱৰ্জনাই প্ৰদূষিত কৰিছে কাজিৰঙাৰ লাইফলাইন সদৃশ কহঁৰা নদীক।

  • Share this:
বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ মূল প্ৰৱেশদ্বাৰত আৱৰ্জনাৰ দ'ম। একাংশ অসচেতন আৰু ভদ্ৰতাৰ মুখা পিন্ধা লোকৰ বাবে ডাষ্টবিনলৈ পৰ্যবসিত হৈছে কাজিৰঙা পৰ্যটনৰ মূল প্ৰাণকেন্দ্ৰ কঁহৰা । যাৰ বাবে কঁহৰাত উপস্থিত হৈয়ে নাক কোচাব লগা হয় পৰ্যটকে।

পেলনীয়া প্লাষ্টিকৰ আৱৰ্জনাৰে ভৰিছে কহঁৰাত থকা অসম পৰ্যটনৰ মূল দ্বাৰৰ চৌপাশ। কাজিৰঙাত যদিও এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধ তাৰ পাছতো মুকলিকৈ চলিছে প্লাষ্টিকৰ ব্যৱহাৰ। প্লাষ্টিকৰ আৱৰ্জনাই প্ৰদূষিত কৰিছে কাজিৰঙাৰ লাইফলাইন সদৃশ কহঁৰা নদীক। ভিআই পি, ভি ভি আই পি য়ে অহা যোৱা কৰা মূল পথটোৰ প্ৰৱেশদ্বাৰতে এতিয়া কদৰ্যময় পৰিবেশে গা লৰাব পৰা নাই বোকাখাত মহকুমা প্ৰশাসনৰ লগতে কাজিৰঙাৰ বন বিভাগ আৰু পৰ্যটন বিভাগক। বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ এনে ছবিয়ে লজ্জানত কৰিছে বিভিন্নজনক। এইক্ষেত্ৰত প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী প্ৰকৃতিপ্ৰেমীৰ লগতে স্থানীয় ৰাইজৰ।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Kokil Sarma
First published: