কাজিৰঙাত বিলাসী অতিথিশালাৰ কৰ্মচাৰী জড়িত গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত

কাজিৰঙাত গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত স্থানীয় লোকৰ এক বিশাল চক্ৰ।
কাজিৰঙাত গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত স্থানীয় লোকৰ এক বিশাল চক্ৰ।
- News18 Assam
- Last Updated: October 10, 2020, 9:50 AM IST
উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ জড়িত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী আৰু স্থানীয়লোককে ধৰি ১০ জনতকৈও অধিক লোকক বনবিভাগে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ৷ স্থানীয় একাংশ লোকৰ এই দুষ্কাৰ্যই সমগ্ৰ ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে শুকুৰবাৰে পুনৰ আন এজন লোকক গ্ৰেপ্তাৰ কৰে বন বিভাগে ৷
বনবিভাগে লাভ কৰা বিশেষ তথ্যৰ ভিত্তিত নিশা অভিযান চলাই কাজিৰঙাৰ লোখুৰাখনীয়া গাঁৱৰ নিজ গৃহৰ পৰা আটক কৰে লোকনাথ গগৈ নামৰ এজন লোকক ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ ৰমেশ গগৈৰ নেতৃত্বত চলা এই অভিযানৰ সন্দৰ্ভত ডি এফ অ’ গগৈয়ে প্ৰকাশ মতে, কাজিৰঙাৰ কহঁৰাৰ "ডি কৰ্টিয়াৰ্ড" নামৰ এখন ব্যক্তিগত খণ্ডৰ বিলাসী ৰিজৰ্টৰ কৰ্মচাৰী ধৃত লোকনাথ গগৈয়ে ৰিজৰ্ট খনত কৰ্মৰত অৱস্থাতে এই দুষ্কাৰ্য সংঘটিত কৰিছে ৷
(কাজিৰঙাৰ পৰা বিতোপন বৰাৰ ৰিপৰ্ট)