ছচিয়েল মেডিয়াত মৃত গঁড়ৰ ফটো দি শাস্তিৰ সন্মুখীন কাজিৰঙাৰ বনকৰ্মী ৷
ছচিয়েল মেডিয়াত মৃত গঁড়ৰ ফটো দি শাস্তিৰ সন্মুখীন কাজিৰঙাৰ বনকৰ্মী ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ৰ অন্তৰ্ভাগৰ হনুমান বন শিৱিৰ এলেকাৰ ডিফলু নৈত এটা গঁড়ৰ মৃতদেহ (Body of Rhino) উদ্ধাৰ কৰে টহলদাৰী বনকৰ্মীয়ে৷ লগে লগে বনকৰ্মীৰ দলটোৱে প্ৰাপ্তবয়স্ক মৃত গঁড়ৰ দেহটো যাতে উটি নাযায় তাৰ বাবে এডাল ৰচীৰে বান্ধি টানি আনে৷ তদুপৰি, এজোপা গছত বান্ধি ৰাখে গঁড়ৰ মৃতদেহটো৷
আনহাতে, এগৰাকী বনকৰ্মীয়ে মৃত গঁড়টোৰ ফটো এখন সামাজিক মাধ্যমত আপলোড কৰে৷ লগে লগে সমগ্ৰ বিষয়টো সন্দৰ্ভত হাহাকাৰ লাগে বনবিভাগৰ ভিতৰচ’ৰাত৷ কাৰণ, নিৰ্দিষ্ট বিষয়াৰ অবিহনে কাজিৰঙা বনবিভাগৰ কোনো তথ্য ৰাজহুৱা কৰিব নোৱাৰে বনবিভাগৰ বিষয়া-কৰ্মচাৰীয়ে ৷
লগে লগে ফটোখন সামাজিক মাধ্যমৰ পৰা আঁতৰ কৰা হয় যদিও সংশ্লিষ্ট বনকৰ্মীগৰাকীৰ ওপৰত বনবিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি অৱগত কৰিছে কাজিৰঙা বনাঞ্চলৰ বনবিষয়া বিভূতি ৰঞ্জন গগৈয়ে৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|