
কাজিৰঙাৰ ৰাজপথত পৰিবহন বিভাগৰ তীক্ষ্ণ দৃষ্টি। এমাহত ৬৫ লাখ টকাৰ জৰিমণা আদায়।
কাজিৰঙাৰ ৰাজপথত পৰিবহন বিভাগৰ তীক্ষ্ণ দৃষ্টি। এমাহত ৬৫ লাখ টকাৰ জৰিমণা আদায়।
কাজিৰঙাৰ ৰাজপথেদি পাৰ হৈ গৈছে তেন্তে সাৱধান হওক৷ কাৰণ, ৰাজপথৰে বিভিন্ন বন্যজন্তু অতিক্ৰম কৰাৰ বাবে আপুনি আপোনাৰ বাহনৰ গতিবেগ কাজিৰঙা এলেকাত হ্ৰাস কৰিব লাগিব৷ অন্যথা তীব্ৰবেগী বাহন চলোৱাৰ অপৰাধত আপুনি সন্মুখীন হ’ব জৰিমণাৰ৷
বনবিভাগে কাজিৰঙাৰ ৰাজপথৰ যান-বাহনৰ গতিবিধি নিৰীক্ষণ তথা বন্যজন্তুৰ আহ-যাহ নিৰীক্ষণ কৰিবলৈ যেনি-তেনি কেমেৰা সংস্থাপন কৰাৰ সমান্তৰালভাৱে পৰিবহণ বিভাগে নিৰীক্ষণ কৰি গৈছে যান-বাহনৰ গতিবেগ৷ আনকি, আপুনি অথবা আপোনাৰ চালকে বাহন তীব্ৰবেগত চলোৱাৰ অপৰাধত গোলাঘাট জিলা পৰিবহণ বিভাগে বাহনৰ স্বত্বাধিকাৰীলৈ ই-চালান পঠিওৱাৰ ব্যৱস্থা কৰিছে৷ সেয়ে যদি আপুনি কাজিৰঙাৰ মাজৰে উজনি অথবা নামনিৰ ফালে যাত্ৰা কৰে তেন্তে তীব্ৰবেগত যান-বাহন চলোৱাৰ পৰা বিৰত থাকক৷ আপুনি শুনিলে আচৰিত হ’ব যে ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে যান-বাহনৰ চলাচল একপ্ৰকাৰ নথকাৰ পাছতো গোলাঘাট জিলা পৰিবহণ বিভাগে যোৱা জুলাই মাহত তীব্ৰবেগী যান-বাহনৰ প্ৰায় ৩ হাজাৰ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ৬৫ লাখ টকাৰ ই-চালান প্ৰেৰণ কৰি জৰিমনা বিহিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|