গুৱাহাটীত কোৰোণাৰ ভয়ংকৰ সংক্ৰমণ। তাৰ মাজতে দেওবাৰে নিশা গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা। গোপাল বড়ো হাইস্কুলৰ সমীপৰ পাপু চহৰীয়া নামৰ এজন যুৱকক চুৰিৰে আঘাতত কৰিলে কাউৰীয়ে। নিশা সান্ধ্য আইনৰ সময়ত সংঘটিত হ’ল এই ভয়ানক ঘটনা।
![]()
আৰক্ষী ঘটনাস্থলিত উপস্থিত হোৱাৰ আগতেই পলায়ন কৰে কাউৰী নামেৰে পৰিচিত অপৰাধীটো ৷ স্থানীয় লোকৰ ভাষ্য মতে, কাউৰী জড়িত আছে মোবাইল চুৰীকে ধৰি বহু কেইটা অপৰাধ জনিত ঘটনাত ৷ স্থানীয় লোকৰ মতে, অভিযুক্ত কাউৰী কাজিয়া লাগিছিল অন্য এজন যুৱকৰ সৈতে ,কিন্তু কাজিয়াৰ মাজত পাপু সোমোৱাৰ বাবেই চুৰিৰে আঘাত কৰে কাউৰীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|