হাইলাকান্দিত কাটলিছেড়া সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰৰ প্ৰতাপত তবধ মানিলে স্থানীয় লোকে। বাহুবলীৰ দৰে ৰুদ্ৰ ৰূপ ধাৰণ কৰি শনিবাৰে বিধায়ক সুজাম উদ্দিনে একে গোৰে ভাঙিলে নিৰ্মিয়মান চৰকাৰী আঁচনিৰ কাম। তাৰ পিছতে গৰজি উঠে ৰাজ॥ চৰকাৰৰ বিৰুদ্ধে।
আচলতে "জল জীৱন মিছন"ৰ অধীনত নিৰ্মিত পানী যোগানৰ আঁচনিৰ কাম নিম্ন মানৰ হোৱা বুলি অভিযোগ তুলি একে গোৰে ভাঙি পেলায় আঁচনিৰ নিৰ্মাণ কাৰ্য।
হাইলাকান্দি জিলাত জল জীবন মিছনৰ অধীনত ১৭০টা পুৰণি পানী যোগান প্ৰকল্প পুনঃনিৰ্মাণ কৰা হৈছে । ইয়াৰ ভিৰতৰ ১৬০টা প্ৰকল্পই আছে কেৱল কাটলিছেড়া সমষ্টিত। কিন্তু কাটলিছেড়া সমষ্টিত নিৰ্মাণ হৈ থকা এইসমূহ আঁচনিৰ অধিকাংশতে অতি নিম্নমানৰ কাম হোৱা বুলি অভিযোগ কৰিছে বিধায়কজনে।
আজি সমষ্টিৰ ৰংপুৰ পঞ্চমখণ্ডত এটা প্ৰকল্পৰ কাম পৰিদৰ্শন কৰিবলৈ গৈ ক্ষুব্ধ হৈ পৰে বিধায়ক সুজাম উদ্দিন লস্কৰ। এই কাম ইমানে বেয়া আছিলে যে বিধায়ক লস্কৰৰ ভৰিৰ এটা আঘাতত ভাঙি পৰে। এই নিম্নমানৰ কামৰ বাবে বিভাগীয় কৰ্তৃপক্ষক জগৰীয়া কৰি ইয়াৰ বিৰুদ্ধে এক তদন্ত দিয়াৰো দাবী উত্থাপন কৰে বিধায়ক সুজাম উদ্দিন লস্কৰে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|