
বিধায়ক আবাস খালী কৰাকলৈ কাটলিছেৰা সমষ্টিৰ এআইইউডিএফ বিধায়ক সুজাম উদ্দিন লস্কৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰকাৰে বিৰোধী বিধায়কসকলৰ লগত পক্ষপাতমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰে ।
বিধায়ক আবাস খালী কৰাকলৈ কাটলিছেৰা সমষ্টিৰ এআইইউডিএফ বিধায়ক সুজাম উদ্দিন লস্কৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰকাৰে বিৰোধী বিধায়কসকলৰ লগত পক্ষপাতমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰে ।
অহা ৩০ তাৰিখৰ ভিতৰতে পুৰণি আবাসত থকা বিধায়ক সকলে আবাস ঘৰ খালী কৰিব লাগিব । অসম বিধানসভাৰ অধ্যক্ষৰ এই নিৰ্দেশৰ পিছতে ৰাজ্যৰ বিধায়কসকলৰ মাজতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । বিশেষকৈ বিৰোধী দলৰ বিধায়কসকলৰ মাজতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।
এই সন্দৰ্ভত কাটলিছেৰা সমষ্টিৰ এআইইউডিএফ বিধায়ক সুজাম উদ্দিন লস্কৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰকাৰে বিৰোধী বিধায়কসকলৰ লগত পক্ষপাতমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰে । বিধায়ক সুজাম উদ্দিনৰ মন্তব্য, তেওঁ পবিত্ৰ হজ পালনৰ বাবে ছৌদি আৰবলৈ গৈছিল । মাত্ৰ দুদিন আগতে তেওঁ দেশত উভতি আহিছে । অসমত অহাৰ পিছতে তেওঁ ৩০ তাৰিখৰ ভিতৰতে আবাস খালী কৰাৰ নিৰ্দেশ সম্পৰ্কে জানিব পাৰিছে । কিন্তু এই মাত্ৰ দুদিন সময়ৰ ভিতৰতে আবাস খালী কৰাটো প্ৰায় অসম্ভৱ বুলি মন্তব্য কৰিছে বিধায়ক সুজাম উদ্দিনে । লগতে শাসকীয় দলৰ বিধায়ক সকলোক বিধানসভা চৌহদত নতুন ভৱন সমূহত ফ্লেট দিয়াৰ পৰিবৰ্তে বিৰোধী বিধায়ক সকলোক ভাড়া ঘৰত থকাৰ নিৰ্দেশক কঠোৰভাৱে সমালোচনা কৰে বিধায়ক গৰাকীয়ে । তেওঁৰ মন্তব্য চৰকাৰে এই সিদ্ধান্ত পুনৰ বিবেচনা কৰক । নতুবা জাননী অবিহনে বুল'ডজাৰ লগাই বিৰোধী বিধায়কসকলকো উচ্ছেদ কৰক । চৰকাৰে গোটেই ৰাজ্যত এনে প্ৰকাৰে জাননী অবিহনে উচ্ছেদ কৰিছে বুলিও মন্তব্য কৰে বিধায়ক সুজাম উদ্দিন লস্কৰে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|