
Hailakandi: কাটলিছেৰা সমষ্টিৰ মোহম্মদপুৰ দ্বিতীয় খণ্ড গাওঁত কাটাখাল নদীৰ গৰাখহনীয়াত জাহ গৈছে কেইবাটাও বাসগৃহ ।
Hailakandi: কাটলিছেৰা সমষ্টিৰ মোহম্মদপুৰ দ্বিতীয় খণ্ড গাওঁত কাটাখাল নদীৰ গৰাখহনীয়াত জাহ গৈছে কেইবাটাও বাসগৃহ ।
সমগ্ৰ ৰাজ্যতে বান আৰু গৰাখহনীয়া (Flood and Erosion)ৰ তাণ্ডৱৰ বাবে সাধাৰণ ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে । হাইলাকান্দি (Hailakandi) জিলাতো অনুৰূপ দৃশ্য । হাইলাকান্দিৰ কাটলিছেৰা সমষ্টিত কাটাখাল নদীৰ গৰাখহনীয়াত ইতিমধ্যে ৰাইজৰ বাসগৃহ আৰু খেতি পথাৰ জাহ গৈছে । কাটলিছেৰা সমষ্টিৰ মোহম্মদপুৰ দ্বিতীয় খণ্ড গাওঁত কাটাখাল নদীৰ গৰাখহনীয়াত জাহ গৈছে কেইবাটাও বাসগৃহ ।
যোৱা বছৰ বান পৰৱৰ্তী সময়ত একেখন গাঁৱত নদীৰ কৰাল গ্ৰাসত জাহ গৈছিল ১০টাতকৈ অধিক ঘৰ । কিন্তু ইমানৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই গ্ৰহণ নকৰিলে কোনো পদক্ষেপ । ৰাইজৰ অভিযোগ, স্থানীয় বিধায়ক সুজাম উদ্দিন লস্কৰৰ বাসগৃহ এই গাঁৱৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ দূৰত । কিন্তু আজি লৈকে বিধায়ক গৰাকীয়েও গ্ৰহণ কৰা নাই কোনো পদক্ষেপ । লগতে হাইলাকান্দিৰ জলসম্পদ বিভাগে ৰাইজৰ সমস্যাৰ পৰিবৰ্তে ঠিকাদাৰ সকলৰ স্বাৰ্থত আঁচনি গ্ৰহণ কৰে বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|