মুখ্যপৃষ্ঠা »খবৰ »অসম »Karishma Nath : ‘মই ক্ষমা খুজিম, লাগিলে ভৰিত ধৰিম, কিন্তু সংবিধানখন যদি সকলোৰে বাবে সমান, তেন্তে সকলোৱে ক্ষমা খোজক’ – কৰিশ্মা

Karishma Nath : ‘মই ক্ষমা খুজিম, লাগিলে ভৰিত ধৰিম, কিন্তু সংবিধানখন যদি সকলোৰে বাবে সমান, তেন্তে সকলোৱে ক্ষমা খোজক’ – কৰিশ্মা

কৰিশ্মা নাথৰ পৰা নাগাৰা নাম সংঘ আঁতৰি অহা বুলি মন্তব্য কৰিছে সংঘৰ সম্পাদক নিপন দত্তই। অৱশ্যে তেওঁ স্পষ্ট কৰি দিয়ে যে কৰিশ্মাক বহিষ্কাৰ কৰা হোৱা নাই।

  • Share this:
পুনৰ চৰ্চালৈ আহিছে কৰিশ্মা নাথ। নাগাৰা নামেৰে ভাইৰেল হৈ পৰা কৰিশ্মাক লৈ শেহতীয়াকৈ নাগাৰা নাম সংঘই গ্ৰহণ কৰিছে এক সিদ্ধান্ত। কৰিশ্মা নাথৰ পৰা নাগাৰা নাম সংঘ আঁতৰি অহা বুলি মন্তব্য কৰিছে সংঘৰ সম্পাদক নিপন দত্তই। অৱশ্যে তেওঁ স্পষ্ট কৰি দিয়ে যে কৰিশ্মাক বহিষ্কাৰ কৰা হোৱা নাই।

নিপন দত্তই কয়, ‘‘কৰিশ্মা নাথক বহিষ্কাৰ কৰা নাই, কিন্তু যিসকল নাগাৰা নামৰ শিল্পীয়ে নাগাৰা নাম সংঘৰ বিৰুদ্ধে মন্তব্য কৰিব সেইসকলৰ লগত সংঘ নাথাকে। কৰিশ্মাৰ পৰা সেয়ে সংঘ আঁতৰি আহিছে।’’

ৰাইজে মাতিলে কৰিশ্মাই নাম পৰিৱেশনত কোনো আপত্তি নাই বুলিও কয় নিপন দত্তই। তেওঁ কয়, ৰাইজে মাতিলে কোনো আপত্তি নাই নাগাৰা নাম সংঘৰ।

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কৰিশ্মা নাথে কয়, ‘‘মোক একো জনোৱা নাই। সংঘৰ মিটিং হৈছে মোক মতা নাই। এখন মিটিঙলৈ মাতিছিল, সংঘৰ মিটিং নহয় দৰঙী কলা–কৃষ্টিৰ। মোৰ অসুবিধাৰ বাবে যাব পৰা নাছিলো। কিন্তু সংঘৰ মিটিঙলৈ মোক মতা নাই। তেওঁলোকে কি সিদ্ধান্ত লৈছে মোক বিতংভাৱে কোনো জনোৱা নাই। যদি সংঘই বহিষ্কাৰ কৰে মানিবই লাগিব। কিন্তু এতিয়া ৰাইজে জানিব, ৰাইজে যদি মাতে নাম গাম। ৰাইজে যদি নামাতে ঘৰতে থাকিম। মই ক্ষমা খুজিম, লাগিলে ভৰিত ধৰিম। অকল সংবিধানখন কৰিশ্মাৰ কাৰণে নহয়, সকলোৰে বাবে সমান। যদি সকলোৰে বাবে সমান তেন্তে সকলোৱে ক্ষমা খোজক, ময়ো ক্ষমা খুজিম।’’

শেহতীয়া বাতৰি