কৰিশ্মা নাথ বুলি ক’লে হয়তো চিনি নোপোৱা লোক খুব কমেই ওলাব। নাগাৰা নামৰ জৰিয়তে ভাইৰেল হৈ পৰিছিল কৰিশ্মা নাথ। এটা ভিডিঅ’ ক্লিপ ভাইৰেল হৈ পৰাৰ পিছতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল কৰিশ্মা। কৰিশ্মাই নাগাৰা নাম বিকৃত কৰা বুলি উঠিছিল অভিযোগ। সৃষ্টি হৈছিল বিতৰ্ক। বিভিন্নজনে কৰিশ্মাক সমালোচনা কৰাৰ লগতে একাংশই কৰিশ্মাৰ পক্ষ লোৱাও দেখা গৈছিল।
কিন্তু বিতৰ্কৰ পিছত এতিয়া যেন কৰিশ্মাৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পাইছে। এই মাহটোতো প্ৰায় প্ৰতিটো দিনতে বুকিং কৰিশ্মাৰ নাগাৰা নামৰ দলটো। কৰিশ্মাৰ নাম বুলি ক’লেই এতিয়া ভিৰ কৰে হাজাৰ হাজাৰ দৰ্শকে। ভাইৰেল হৈ পৰাৰ পিছত এতিয়া কৰিশ্মাই নাম প্ৰদৰ্শন কৰা প্ৰতিখন অনুষ্ঠানতে দেখা গৈছে দৰ্শকৰ বিপুল সমাগম।
যোৱানিশা পলাশবাৰীৰ ২নং জীয়াকুৰত নাম পৰিৱেশন কৰে কৰিশ্মাই। জীয়াকুৰৰ মা কালী পূজা উপলক্ষে আমন্ত্ৰণ জনোৱা হৈছিল কৰিশ্মা নাথক। কৰিশ্মাৰ নাগাৰা নাম চাবলৈ হাজাৰ হাজাৰ দৰ্শকৰ ভিতৰ দেখা গ’ল। ছচিয়েল মিডিয়াযোগে জনপ্ৰিয় হৈ পৰা কৰিশ্মাৰ নাম উপভোগ কৰি আপ্লুত হৈ পৰে দৰ্শকসকল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 22, 2023, 09:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।