• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰেমিকা বাংলাদেশৰ, কৰিমগঞ্জৰ প্ৰেমিক, প্ৰেমৰ জালত পেলাই যুৱতীৰ সৈতে তুলিলে অন্তৰংগ ফটো, তাৰ পিছত প্ৰতাৰক প্ৰেমিকে কৰিলে এয়া

প্ৰেমিকা বাংলাদেশৰ, কৰিমগঞ্জৰ প্ৰেমিক, প্ৰেমৰ জালত পেলাই যুৱতীৰ সৈতে তুলিলে অন্তৰংগ ফটো, তাৰ পিছত প্ৰতাৰক প্ৰেমিকে কৰিলে এয়া

প্ৰায় তিনিমাহৰ অধিক সময় সেই হোটলত থকা যুৱতীগৰাকীক প্ৰেমৰ জালত পেলাইছিল বিলালে। দুয়োৰে অন্তৰংগ মুহূৰ্তৰ ফটো নিজৰ ম’বাইলত বন্দী কৰিছিল বিলালে।

প্ৰায় তিনিমাহৰ অধিক সময় সেই হোটলত থকা যুৱতীগৰাকীক প্ৰেমৰ জালত পেলাইছিল বিলালে। দুয়োৰে অন্তৰংগ মুহূৰ্তৰ ফটো নিজৰ ম’বাইলত বন্দী কৰিছিল বিলালে।

প্ৰায় তিনিমাহৰ অধিক সময় সেই হোটলত থকা যুৱতীগৰাকীক প্ৰেমৰ জালত পেলাইছিল বিলালে। দুয়োৰে অন্তৰংগ মুহূৰ্তৰ ফটো নিজৰ ম’বাইলত বন্দী কৰিছিল বিলালে।

  • Share this:
এগৰাকী বাংলাদেশী যুৱতীক ব্লেকমেইলিং কৰি ৰঙাঘৰৰ আলহী হ’ল কৰিমগঞ্জৰ এজন যুৱক। বেংগালুৰুৰ এখন হোটলত দুয়োৰে সাক্ষাৎ হৈছিল। তাৰ পিছতে যুৱকজনে প্ৰেমৰ জালত পেলাই যুৱতীগৰাকীৰ কিছু অন্তৰংগ ফটো তুলিছিল কৰিমগঞ্জৰ যুৱক বিলাল উদ্দিনে। সেই ফটো ভাইৰেল কৰি দিয়াৰ ভাবুকি প্ৰদান কৰি যুৱতীগৰাকীৰ পৰা ব্লেকমেইল কৰি টকা আদায় কৰি আছিল যুৱকজনে। যুৱতীগৰাকীয়ে বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ যোগেদি অভিযোগ দাখিল কৰাৰ পিছত কৰিমগঞ্জ আৰক্ষীয়ে মঙলবাৰে বিলাল উদ্দিনক গ্ৰেপ্তাৰ কৰে।

কৰিমগঞ্জৰ যুৱক বিলাল উদ্দিনে বেংগালুৰুত এখন হোটেলত গাড়ীচালক হিচাপে নিযুক্ত আছিল। বিগত বৰ্ষত বাংলাদেশৰ এগৰাকী যুৱতীয়ে অসুস্থ পিতৃৰ চিকিৎসাৰ বাবে বেংগালুৰুলৈ গৈছিল আৰু সেই হোটেলখনত আছিল। প্ৰায় তিনিমাহৰ অধিক সময় সেই হোটলত থকা যুৱতীগৰাকীক প্ৰেমৰ জালত পেলাইছিল বিলালে। দুয়োৰে অন্তৰংগ মুহূৰ্তৰ ফটো নিজৰ ম’বাইলত বন্দী কৰিছিল বিলালে।

কিন্তু যুৱতীগৰাকী বাংলাদেশলৈ উভতি যোৱাৰ পিছতে দুয়োৰে প্ৰেমত লাগিল অথন্তৰ। বিলালে দুয়োৰে অন্তৰংগ ফটোবোৰ ছচিয়েল মিডিয়াত ভাইৰেল কৰি দিয়াৰ ভাবুকি প্ৰদান কৰি ব্লেকমেইলিং কৰিবলৈ লয় যুৱতীগৰাকীক। লকডাউনৰ ফলত বিলালে কাম এৰি কৰিমগঞ্জৰ নিজা ঘৰত আছিল।

ইফালে, যুৱতীগৰাকীয়ে বিলালৰ ব্লেকমেইলিঙৰ বিৰুদ্ধে টকা আদায় দিয়াসহ আন আন তথ্যসহ গুৱাহাটীত থকা বাংলাদেশৰ উপ–উচ্চায়ুক্তক এখন লিখিত অভিযোগনামা দাখিল কৰে। সেইমৰ্মে বাংলাদেশৰ উপ–উচ্চায়ুক্তই অসম আৰক্ষীৰ ডিজিক লিখিতভাৱে জনায়। মঙলবাৰে কৰিমগঞ্জ চহৰৰ লংগাই ৰোড এলাকাৰ জাহাপুৰৰ পৰা আৰক্ষীয়ে বিলালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
Published by:Sanjay Kumar Das
First published: