স্বামী কামনাশীষৰ পৰকীয়া প্ৰেম! স্বামীৰ লগতে অবৈধ প্ৰেমিকাক ৰাম পিটন দিলে পত্নীয়ে, সহযোগ কৰিলে মাতৃয়ে

শুকুৰবাৰে কৰিমগঞ্জ চহৰৰ ৰাজপথ উত্তপ্ত হৈ পৰে। পৰকীয়া প্ৰেমত পৰা স্বামী আৰু স্বামীৰ অবৈধ প্ৰেমিকাক ৰাজহুৱা স্থানতে ৰাম পিটন দিলে পত্নীয়ে।
শুকুৰবাৰে কৰিমগঞ্জ চহৰৰ ৰাজপথ উত্তপ্ত হৈ পৰে। পৰকীয়া প্ৰেমত পৰা স্বামী আৰু স্বামীৰ অবৈধ প্ৰেমিকাক ৰাজহুৱা স্থানতে ৰাম পিটন দিলে পত্নীয়ে।
- News18 Assam
- Last Updated: August 21, 2020, 1:07 PM IST
জানিব পৰা মতে, কৰিমগঞ্জ চহৰৰ ব্যৱসায়ী তথা পাঁচজনীয়ৈ কন্যাৰ পিতৃ কামনাশীষ দাসৰ আছিল স্থানীয় অন্য এগৰাকী বিবাহিতা মহিলাৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক। পত্নীয়ে স্বামী কামনাশীষৰ অবৈধ প্ৰেমৰ কথা জানিব পাৰি নিজৰ শাহুৱেকক অৱগত কৰে। আৰু দুয়ো কামনাশীষক হাতে লুটে ধৰা পেলাবলৈ বিশেষ পৰিকল্পনা কৰে।

পৰিস্থিতি বিষম হোৱা দেখি কামনাশীষে প্ৰেমিকাক গাড়ীত উঠাই পলাই যোৱাৰ চেষ্টা কৰাৰ সময়তে গাড়ীৰ ভিতৰতে স্থানীয় দুই এজনৰ সহযোগত আগুচি ধৰে পত্নী আৰু মাতৃয়ে। আৰু তাৰ পিছত গাড়ীৰ ভিতৰতে পত্নী আৰু মাতৃয়ে ৰাম পিটন দিয়ে কামনাশীষৰ লগতে অবৈধ প্ৰমিকাক।
পিছত ঘটনাস্থলীত উপস্থিত হৈ কামনাশীষ আৰু প্ৰেমিকাক থানালৈ লৈ যায় আৰক্ষীয়ে। ঘটনাৰ সন্দৰ্ভত কামনাশীষৰ পত্নীয়ে কয় যে, কেইবাদিন ধৰি তেঁওৰ স্বামী আৰু সেই বিবাহিত মহিলাৰ মাজত অবৈধ সম্পর্ক চলি আছিল। ইয়াৰ ফলত তেওঁলোকৰ সংসাৰত অশান্তিৰো সৃষ্টি হৈছিল। আনকি স্বামী কামনাশীষে পত্নীৰ পৰা বিবাহ বিচ্ছেদো বিচাৰিছিল।