உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কৰিমগঞ্জৰ দলবদ্ধ বলাৎকাৰ কাণ্ডত জড়িত থকাৰ সন্দেহত ৬ জনক আটক

    কৰিমগঞ্জৰ দলবদ্ধ বলাৎকাৰ কাণ্ডত জড়িত থকাৰ সন্দেহত ৬ জনক আটক

    সমগ্ৰ দেশ দীপাৱলী তথা কালীপূজাৰ আনন্দত ব্যস্ত থকাৰ সময়তে কৰিমগঞ্জৰ নিলামবজাৰত ত্ৰিপুৰাৰ দুগৰাকী যুৱতীক ৬ নৰপিশাচে ধৰ্ষণ কৰিছিল।

    সমগ্ৰ দেশ দীপাৱলী তথা কালীপূজাৰ আনন্দত ব্যস্ত থকাৰ সময়তে কৰিমগঞ্জৰ নিলামবজাৰত ত্ৰিপুৰাৰ দুগৰাকী যুৱতীক ৬ নৰপিশাচে ধৰ্ষণ কৰিছিল।

    সমগ্ৰ দেশ দীপাৱলী তথা কালীপূজাৰ আনন্দত ব্যস্ত থকাৰ সময়তে কৰিমগঞ্জৰ নিলামবজাৰত ত্ৰিপুৰাৰ দুগৰাকী যুৱতীক ৬ নৰপিশাচে ধৰ্ষণ কৰিছিল।

    • Share this:
    কৰিমগঞ্জৰ নিলামবজাৰৰ দলবদ্ধ বলাৎকাৰৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ইতিমধ্যে কৰিমগঞ্জ আৰক্ষীয়ে ছয়জন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে। ইয়াৰে এজন হৈছে নিৰ্মীয়মান ভৱনৰ মেনেজাৰ আহাদ উদ্দিন, স্থানীয় নলুয়া গাঁৱৰ ছামছুল উদ্দিন, থামুয়া গাঁৱৰ আবু বক্কৰ, আমিৰ আলী আৰু ত্ৰিপুৰাৰ আনোৱাৰ হুছেইন আৰু সুমন আলী।

    উল্লেখযোগ্য সমগ্ৰ দেশ দীপাৱলী তথা কালীপূজাৰ আনন্দত ব্যস্ত থকাৰ সময়তে কৰিমগঞ্জৰ নিলামবজাৰত ত্ৰিপুৰাৰ দুগৰাকী যুৱতীক ৬ নৰপিশাচে ধৰ্ষণ কৰিছিল।

    ঘটনাৰ বিৱৰণী অনুসৰি, যুৱতী দুগৰাকীয়ে শুকুৰবাৰে শিলচৰ মেডিকেল কলেজ হাস্পতালত কৰ্কট ৰোগত আক্ৰান্ত হৈ ভৰ্তি হৈ থকা মাতৃক চাবলৈ আহিছিল। সন্ধিয়া এখন এল্টো গাড়ী ভাড়া কৰি ত্ৰিপুৰালৈ উভতিছিল দুয়ো। মাজবাটত চালকে চতুৰালি কৰি গাড়ী ভুল পথৰে লৈ গৈ নিশা ১ বজাত নিলাম বজাৰৰ এটা নিৰ্মীয়মান ঘৰত যুৱতী দুগৰাকীক বন্দী কৰি আন ৫যুৱকৰ সৈতে বলাৎকাৰ কৰে।

    শনিবাৰ বিয়লিৰ ভাগত ভুক্তভোগীয়ে সুযোগ বুজি পলায়ন কৰি নিলামবজাৰ থানালৈ আহি গোচৰ তৰে। গোচৰৰ ভিত্তিত আৰক্ষীয়ে ততাতৈয়াকৈ তদন্তত নামি ভুক্তভোগীৰ জবানবন্দী অনুসৰি ঘটনাস্থলী পৰিদৰ্শন কৰি বহু সামগ্ৰী জব্দ কৰাৰ লগতে এজনক আটক কৰিবলৈ সক্ষম হয়। ধৃত যুৱকজনৰ নাম আব্দুল আহাদ। বাকী পাঁচজনক পিছত অভিযান চলাই আটক কৰে আৰক্ষীয়ে।
    Published by:Sanjay Kumar Das
    First published: