কৰিমগঞ্জ মহাবিদ্যালয়ৰ প্ৰবক্তাক চেণ্ডেলেৰে কোবালে ছাত্ৰীয়ে

News18-Assam
Updated:November 22, 2019, 3:08 PM IST
কৰিমগঞ্জ মহাবিদ্যালয়ৰ প্ৰবক্তাক চেণ্ডেলেৰে কোবালে ছাত্ৰীয়ে
এগৰাকী ছাত্ৰীক মহাবিদ্যালয়খনৰ প্ৰবক্তা প্ৰাৰ্থ সাৰথি দাসে শ্লীলতা হানি কৰাৰ অভিযোগ

এগৰাকী ছাত্ৰীক মহাবিদ্যালয়খনৰ প্ৰবক্তা প্ৰাৰ্থ সাৰথি দাসে শ্লীলতা হানি কৰাৰ অভিযোগ

  • Share this:
শিক্ষকৰ ওচৰতে যেন সুৰক্ষিত নহয় ছাত্ৰী! কৰিমগঞ্জ মহাবিদ্যালয়ত সংঘটিত হৈছে অপ্ৰীতিকৰ পৰিস্থিতি। এগৰাকী ছাত্ৰীক মহাবিদ্যালয়খনৰ প্ৰবক্তা প্ৰাৰ্থ সাৰথি দাসে শ্লীলতা হানি কৰাৰ অভিযোগ। মহাবিদ্যালয়ৰ চৌহদতে অভিযুক্ত প্ৰবক্তাজনক চেণ্ডেলেৰে কোবালে ছাত্ৰীগৰাকীয়ে। ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান উত্তপ্ত হৈ পৰিছে মহাবিদ্যালয়খনৰ পৰিবেশ। অভিযুক্ত প্ৰবক্তাজনক বহিষ্কাৰৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰক্ষীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা।

ইয়াৰ পূৰ্বেও মাধৱদেৱ বিশ্ববিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যাপকৰ বিৰুদ্ধে উত্থাপিত হৈছিল ছাত্ৰীক শ্লীলতা হানিৰ অভিযোগ।
First published: November 22, 2019, 2:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading