কাৰ্গিল বিজয় দিৱসত অসমৰ বীৰ শ্বহীদ কেপ্টেইন জিণ্টু গগৈক স্মৰণ

খুমটাইৰ বীৰ শ্বহীদ কেপ্টেইন জিণ্টু গগৈৰ সমাধিস্থলীত পালন কৰা হয় কাৰ্গিল বিজয় দিৱস।

News18-Assam
Updated:July 26, 2019, 11:10 AM IST
কাৰ্গিল বিজয় দিৱসত অসমৰ বীৰ শ্বহীদ কেপ্টেইন জিণ্টু গগৈক স্মৰণ
খুমটাইৰ বীৰ শ্বহীদ কেপ্টেইন জিণ্টু গগৈৰ সমাধিস্থলীত পালন কৰা হয় কাৰ্গিল বিজয় দিৱস।
News18-Assam
Updated: July 26, 2019, 11:10 AM IST
আজি কাৰ্গিল বিজয় দিৱস। কাৰ্গিল যুদ্ধ বিজয়ৰ ২০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে গোলাঘাটতো পালন কৰা হয় বিজয় দিৱস। খুমটাইৰ বীৰ শ্বহীদ কেপ্টেইন জিণ্টু গগৈৰ সমাধিস্থলীত পালন কৰা হয় কাৰ্গিল বিজয় দিৱস। শ্বহীদগৰাকীৰ পৰিয়ালৰ সহযোগত খুমটাই জাচিংফা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত এই কাৰ্গিল বিজয় দিৱস পালন কৰা হয়। পুৱা পতাকা উত্তোলন কৰে গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেণ হাজৰিকাই। জিণ্টু গগৈৰ সমাধিত বন্তি প্ৰজ্বলন কৰে উপায়ুক্তৰ লগতে পৰিয়াল আৰু স্থানীয় লোকে। উল্লেখযোগ্য যে ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত দেশৰ বাবে প্ৰাণ আহুতি দিছিল কেপ্টেইন জিণ্টু গগৈয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি