মুখ্যপৃষ্ঠা »খবৰ »অসম »কাইলৈ কাৰ্বি আংলং স্বায়িত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা ! ভোটগণনাৰ বাবে সাজু ডিফু, হামৰেন আৰু বোকাজান ...

কাইলৈ কাৰ্বি আংলং স্বায়িত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা ! ভোটগণনাৰ বাবে সাজু ডিফু, হামৰেন আৰু বোকাজান ...

৮ জুনত হৈ যোৱা কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদৰ ভোট গণনা দেওবাৰে ৰাতিপুৱাৰে পৰা আৰম্ভ হ'ব। ভোট গণনাৰ বাবে সাজু হৈছে ডিফু, হামৰেন আৰু বৈঠালাংছো।

৮ জুনত হৈ যোৱা কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদৰ ভোট গণনা দেওবাৰে ৰাতিপুৱাৰে পৰা আৰম্ভ হ'ব। ভোট গণনাৰ বাবে সাজু হৈছে ডিফু, হামৰেন আৰু বৈঠালাংছো।

৮ জুনত হৈ যোৱা কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদৰ ভোট গণনা দেওবাৰে ৰাতিপুৱাৰে পৰা আৰম্ভ হ'ব। ভোট গণনাৰ বাবে সাজু হৈছে ডিফু, হামৰেন আৰু বৈঠালাংছো।

  • Share this:
৮ জুনত হৈ যোৱা কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদৰ ভোট গণনা দেওবাৰে ৰাতিপুৱাৰে পৰা আৰম্ভ হ'ব। ভোট গণনাৰ বাবে সাজু হৈছে ডিফু, হামৰেন আৰু বৈঠালাংছো। ৮ জুনত কাৰ্বি পাহাৰত হৈছিল ভোটদান।

দুৱাৰ আমলা সমষ্টিৰ দুটা পুলিং ষ্টেচনত ১০ জুনত হৈছিল পুনৰ ভোটগ্ৰহণ। এদিন বিৰতিৰ পিছত দেওবাৰে ৰাতিপুৱাৰ পৰা দুখন পাহাৰীয়া জিলাৰ তিনিটা স্থানত হ'ব ভোট গণনা। ডিফু চৰকাৰী বয়জ স্কুলত হ'ব ১০ টা সমষ্টিৰ গণনা। হামৰেন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হ'ব ৯ টা সমষ্টিৰ ভোট গণনা। বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭ টা সমষ্টিৰ ভোট গণনা হ'ব। ডিফুত ভোট গণনা হ'ব লুম্বাজং, ধনশিৰি, সিংহাসন, লাংফেৰ, ফুলনি, লাংহিন, মহামায়া, কৰকান্থী, নমাটি, হাওৰাঘাট সমষ্টিৰ। হামৰেনত হ'ব দুৱাৰ আমলা, চিংথং, ৰংখাং, অমৰি, বিথুং ৰেংথেমা, চোচেং, হামৰেন, কপিলী আৰু আমৰেং সমষ্টিৰ ভোট গণনা। বোকাজানত হ'ব বৰজান, চোচেং ধেন্টা, নিলিপ, বোকাজান, দেওপানী, সৰুপথাৰ আৰু  দুৱাৰ বাগৰি সমষ্টিৰ ভোট গণনা। ২৬ টা সমষ্টিত ১৬৫ গৰাকীৰ ভাগ্য বন্দী হৈছে বেলট বাকছত। অৱশ্যে ভোট গণনাৰ এদিন পূৰ্বে গুৱাহাটীত APHLC য়ে সংবাদ মেল অনুষ্ঠিত কৰি সমালোচনা কৰে বিজেপিক। APHLCৰ মুৰব্বী জন ইংতি কাথাৰৰ মতে বিজেপিয়ে ৰিগিঙৰ আশ্ৰয় লৈছে। শাসকীয় বিজেপিৰ লগতে প্ৰধান বিৰোধী কংগ্ৰেছ, APHLC, ASDC, CPI (ML) ৰ মাজত হৈছে প্ৰতিদ্বন্দিতা। অৱশ্যে দুই তিনিটা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীয়েও প্ৰভাৱ বিস্তাৰ কৰিছে। ইয়াৰ মাজতে শাসকীয় দলৰ দাবী তেওলোকে ২৬ খন আসনৰ ২৬ খনতে জয় হব।

শেহতীয়া বাতৰি