পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত অসমৰ ভূমিত মেঘালয়ৰ আগ্ৰাসন আৰু সংঘাত আজিও অব্যাহত আছে। আনকি ভয়-শংকাৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে সীমান্তবাসী ৰাইজে। ইপিনে সীমা বিবাদক লৈ সীমান্তত উত্তেজনা অব্যাহত থকাৰ মাজতে সংবাদমেল অনুষ্ঠিত কৰি কাৰ্বি আংলঙৰ এক ইঞ্চি মাটিও মেঘালয়ক নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে কাৰ্বি ছাত্র সন্থাই।
উল্লেখযোগ্য যে কাৰ্বি ছাত্ৰ সন্থাৰ থাংছিং তিমুং গোটৰ হামৰেন কমিটীৰ উদ্যোগত খেৰণিস্থিত কৃষি বিভাগৰ অতিথিশালাত অনুষ্ঠিত হয় এখন সংবাদমেল। অসম-মেঘালয় চৰকাৰে আলোচনা আৰু গোপন বুজাবুজিৰ মাজেৰে গ্ৰহণ কৰিব বিচৰা "দিয়া আৰু লোৱা নীতিক" কোনো প্ৰকাৰে মানি নলয় আৰু সমৰ্থন নকৰে বুলি সংবাদমেলত উল্লেখ কৰে হামৰেণ সমিতিৰ সভাপতি বাবুল টকবিয়ে।
প্ৰয়োজন অনুসৰি কাৰ্বি ছাত্ৰ সন্থাই জংগী আন্দোলন গঢ়ি তোলা অথবা প্ৰতিবাদ কৰাৰ বাবে সদায় সাজু বুলিও অসম চৰকাৰৰ লগতে কাৰ্বি পৰিষদৰ চৰকাৰক হুংকাৰ প্ৰদান কৰে। সমান্তৰালকৈ গোৰ্খা ছাত্ৰ সন্থা আৰু স্থানীয় লোকেও এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াই যাব বুলি প্ৰকাশ কৰে টকবিয়ে। শেহতীয়াকৈ "দিয়া আৰু লোৱা নীতি" সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বাবুল টকবিয়ে কাৰ্বি আংলঙৰ ২১খন গাঁও অন্তৰ্ভুক্ত হৈ থকা ব্লক ১ আৰু ব্লক ২ৰ ভূমি মেঘালয়ৰ হাতত গতাই দিয়াৰ পৰিকল্পনা চলি থকাৰ কথা দোহাৰি সেয়া মানি লোৱা নহ'ব বুলিও দিয়ে হুংকাৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|