মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মেঘালয় সীমান্তৰ বৰকাৰচৰঙলৈ আহিবলৈ আহ্বান কাৰ্বি ৰাইজৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মেঘালয় সীমান্তৰ বৰকাৰচৰঙলৈ আহিবলৈ আহ্বান কাৰ্বি ৰাইজৰ

News18 Assam | News18-Assam
Updated:August 31, 2021, 6:11 PM IST
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মেঘালয় সীমান্তৰ বৰকাৰচৰঙলৈ আহিবলৈ আহ্বান কাৰ্বি ৰাইজৰ
পাহাৰৰ ১৪খন গাঁৱৰ ভিতৰত এখনো নাই হাইস্কুল, নাই বিদ্যুৎ সংযোগ, নেটৰ ব্যৱস্থা।

পাহাৰৰ ১৪খন গাঁৱৰ ভিতৰত এখনো নাই হাইস্কুল, নাই বিদ্যুৎ সংযোগ, নেটৰ ব্যৱস্থা।

  • Share this:

ঐতিহাসিক ডিমৰীয়া ৰাজ্যৰ মেঘালয় সীমান্তৰ কাৰ্বি ৰাইজৰ বসতিপ্ৰধান অঞ্চলৰ ১৪ পাহাৰীয়া গাঁৱৰ ৰাইজৰ জীৱনযাত্ৰা এতিয়াও তথৈবচ, যাৰ বাবে শাসকীয় BJP চৰকাৰৰ প্ৰতি সন্মান জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এবাৰ তেওঁলোকৰ অঞ্চললৈ আহিবলৈ আহ্বান জনায় ৷ আহ্বান জনায় বৃহত্তৰ পাহাৰীয়া অঞ্চলটোত এখন হ'লেও হাইস্কুল নিৰ্মাণ কৰি দিয়াৰ।


প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঐতিহাসিক ডিমৰীয়া ৰাজ্যৰ মেঘালয় সীমামূৰীয়া অঞ্চল বৰকাৰচৰং৷ সৰু–বৰ ১৪খন গাঁৱৰ সমষ্টি বৰকাৰচৰং ৷ কাৰ্বি ৰাইজৰ বসতিপ্ৰধান এই বৃহত্তৰ পাহাৰীয়া অঞ্চলত কেইখনমান প্ৰাথমিক বিদ্যালয় আছে যদিও নাই এখনো হাইস্কুল৷


এখনো নাই ME আৰু হাইস্কুল ৷ প্ৰাথমিক বিদ্যালয় সাং কৰিয়েই কণ কণ ছাত্ৰ–ছাত্ৰীয়ে ME আৰু হাইস্কুলীয়া শিক্ষাৰ বাবে নামি যাব লাগে ভৈমায়ৰ ক্ষেত্ৰী অথবা সোণাপুৰলৈ ৷ ক্ষেত্ৰী-সোণাপুৰত ঘৰ ভাড়া লৈ ছাত্ৰ–ছাত্ৰীয়ে পঢ়িবলগীয়া হয় হাইস্কুল ৷ সেয়ে স্থানীয় ৰাইজে পাহাৰত বসবাস কৰা কাৰ্বি সন্তানসকলৰ শিক্ষাৰ বাবে এখন হ'লেও হাইস্কুল স্থাপন কৰি দিয়াৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে ৷



কোভিড অতিমাৰীৰ সময়ত বন্ধ হৈ থকা স্কুল-কলেজৰ বাবে সৰ্বত্ৰ অনলাইন ক্লাছ চলি আছে ৷ কিন্তু মেঘালয়ৰ সীমামূৰীয়া এই বৃহত্তৰ পাহাৰীয়া বৰকাৰচৰঙত নাই বিদ্যুৎ যোগান আৰু নেট সেৱা ৷ স্থানীয় ৰাইজে বিদ্যুৎ আৰু নেটৰ ব্যৱস্থা কৰি দি পাহাৰৰ ছাত্ৰ–ছাত্ৰীসকলে শিক্ষাগ্ৰহণ কৰাত সুবিধা কৰি দিবলৈও BJP চৰকাৰক আহ্বান জনাই News18ৰ জৰিয়তে ৷


সীমান্তবাসী কাৰ্বি ৰাইজৰ এই দুৰ্দশা শেষ কৰিবলৈ পাহাৰীয়া অঞ্চলটোলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এবাৰ আহিবলৈ কাতৰ আহ্বান জনাইছে কাৰ্বি ৰাইজে ৷ ৰাইজৰ আহ্বান- বিগত পাঁচ বছৰীয়া BJP চৰকাৰে পাহাৰীয়া অঞ্চলটোৰ যোগাযোগৰ বাবে ৰাস্তা নিৰ্মাণ কৰাৰ দৰে এতিয়াৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিদ্যুৎ, খোৱাপানী আৰু হাইস্কুলীয়া শিক্ষাৰ ব্যৱস্থা কৰি দিয়ক ৷

Published by: Gautam Barman
First published: August 31, 2021, 6:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি