চলিত মাহতেই চুক্তি! BTR চুক্তি স্বাক্ষৰকাৰীয়ে প্ৰস্তাৱিত কাৰ্বি চুক্তিক জনালে আদৰণি

News18 Assam | News18-Assam
Updated:June 7, 2021, 4:45 PM IST
চলিত মাহতেই চুক্তি! BTR চুক্তি স্বাক্ষৰকাৰীয়ে প্ৰস্তাৱিত কাৰ্বি চুক্তিক জনালে আদৰণি
কাৰ্বি বিদ্ৰোহী সংগঠনসমূহৰ সৈতে ভাৰত চৰকাৰে অসম চৰকাৰৰ সহযোগত চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু৷

কাৰ্বি বিদ্ৰোহী সংগঠনসমূহৰ সৈতে ভাৰত চৰকাৰে অসম চৰকাৰৰ সহযোগত চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু৷

  • Share this:
চলিত মাহতেই কাৰ্বি বিদ্ৰোহী সংগঠনসমূহৰ সৈতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে শান্তি চুক্তিত স্বাক্ষৰ কৰিব৷ প্ৰস্তাৱিত কাৰ্বি শান্তি চুক্তিক লৈ এতিয়া পাহাৰৰ ৰাইজ উদগ্ৰীৱ হৈ থকাৰ সময়তে BTR চুক্তি স্বাক্ষৰকাৰীসকলে আদৰণি জনাইছে কাৰ্বি চুক্তিক৷

কাৰ্বি বিদ্ৰোহী সংগঠনসমূহৰ সৈতে ভাৰত চৰকাৰে অসম চৰকাৰৰ সহযোগত চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু৷ এই কথা বিগত তিনি জুনত নতুন দিল্লীত আয়োজিত সংবাদমেলত সদৰি কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ ইতিমধ্যে এই সন্দৰ্ভত সকলো প্ৰস্তুতি সম্পন্ন কৰিছে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে৷ এই হিচাপত চলিত মাহতেই স্বাক্ষৰিত হ'ব কাৰ্বি শান্তি চুক্তি৷

কাৰ্বি শান্তি চুক্তিৰ প্ৰসংগত BTR চুক্তিত স্বাক্ষৰ কৰা পূৰ্বৰ NDFB(P)ৰ অধ্যক্ষ তথা বৰ্তমানৰ UPPLৰ বিধায়ক আৰু BTRৰ উপ মূৰব্বী গোবিন্দ বসুমতাৰীয়ে ভৈয়ামৰ দৰে পাহাৰতো শান্তি চুক্তি পোষকতা কৰে৷

নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৱে প্ৰস্তাৱিত কাৰ্বি শান্তি চুক্তিক আদৰণি জনাই পাহাৰৰ বড়ো ৰাইজকো উপযুক্ত সন্মান দিবলৈ আহ্বান জনায় আৰু ভৈয়ামত বসবাস কৰা কাৰ্বিসকলকো উপযুক্ত সন্মান দিয়াৰ পোষকতা কৰে৷

সমান্তৰালভাৱে ভৈয়াম জনজাতি কল্যাণ মন্ত্ৰী ইউ জি ব্ৰহ্ময়ো প্ৰস্তাৱিত কাৰ্বি শান্তি চুক্তিয়ে পাহাৰত স্থায়ী শান্তি আনিব বুলি মত প্ৰকাশ কৰে৷
Published by: Sanjay Kumar Das
First published: June 7, 2021, 4:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি