உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Karbi Peace Accord: দিল্লীত কাৰ্বি শান্তি চুক্তিৰ পিছত অশান্ত ডিফু, ৰাজপথত জ্বলিল টায়াৰ

    Karbi Peace Accord: দিল্লীত কাৰ্বি শান্তি চুক্তিৰ পিছত অশান্ত ডিফু, ৰাজপথত জ্বলিল টায়াৰ

    ডিফুত কাৰ্বি শান্তি চুক্তিক অসাংবিধানিক আখ্যাৰে ২৪ সংগঠনৰ উত্তাল প্ৰতিবাদ

    ডিফুত কাৰ্বি শান্তি চুক্তিক অসাংবিধানিক আখ্যাৰে ২৪ সংগঠনৰ উত্তাল প্ৰতিবাদ

    ডিফুত কাৰ্বি শান্তি চুক্তিক অসাংবিধানিক আখ্যাৰে ২৪ সংগঠনৰ উত্তাল প্ৰতিবাদ

    • Share this:

    কাৰ্বি আংলঙৰ ৬ উগ্ৰপন্থী সংগঠনৰ লগত হোৱা ত্ৰিপাক্ষিক শান্তি চুক্তিক অসাংবিধানিক আখ্যাৰে আজি ডিফুত  ২৪টা সংগঠনে যৌথভাৱে ৰূপায়ণ কৰিছে উত্তাল প্ৰতিবাদ। লক্ষণীয় যে বহু জল্পনা–কল্পনাৰ অন্তত কাৰ্বি পাহাৰৰ ছয় বিদ্ৰোহী সংগঠনৰ সৈতে শনিবাৰে দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন চুক্তি স্বাক্ষৰিত হৈছিল। কিন্তু এই চুক্তিৰ পিছতে একাংশ সংগঠনে তীব্র বিৰোধিতা কৰাৰ লগতে আন্দোলনৰ ভাবুকি প্ৰদান কৰিছে।


    সশস্ত্ৰ আন্দোলন ত্যাগ কৰি সহস্ৰাধিক বিদ্ৰোহীয়ে শনিবাৰে যি শান্তি চুক্তিত স্বাক্ষৰ কৰিলে, সেই চুক্তিৰ বিৰোধিতা কৰি কাৰ্বি আংলঙৰ ডিফুত বিজেপি কাৰ্যালয়ৰ সমীপত ২৪টা সংগঠনে ৰূপায়ণ কৰে এক উত্তাল প্ৰতিবাদ।


    উল্লেখ্য যে এই চুক্তিৰ পিছতে কাৰ্বি  আংলং স্বায়িত্তশাসিত পৰিষদৰ পূৰ্বৰ ২৬খন আসনক  ৫০খনলৈ বৃদ্ধি কৰা হৈছে। লগতে ৪৪খন আসনৰ ভিতৰত ৩৪খন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আৰু ১০খন আসনক অসংৰক্ষিত হিচাপে ৰখা হৈছে। ইয়াৰ উপৰি বাকী ৬খন আসনত ৰাজ্যপালে মনোনীত কৰিব বুলিও কৰা হৈছে উল্লেখ।


    ৫০খনৰ ভিতৰত ১০খন আসন অসংৰক্ষিত হোৱাৰ পিছত নাৰাজ  হোৱা ২৪টা সংগঠনে এই চুক্তি ষষ্ঠ অনুসূচীৰ  বিপৰীত  বুলি উল্লেখ কৰি ডিফুৰ ৰাজপথত  সংগঠনকেইটাই টায়াৰ জ্বলাই সাব্যস্ত কৰে  উত্তাল প্ৰতিবাদ ।এফালে উক্ত চুক্তিৰ বিৰুদ্ধে কেইবাটাও সংগঠনে প্ৰতিবাদ কৰাৰ বিপৰীতে আন একাংশই আকৌ উক্ত চুক্তিয়ে কাৰ্বি পাহাৰত শান্তি ঘূৰাই আনিব বুলি আদৰণি জনোৱা দেখা গৈছে।

    Published by:Gautam Barman
    First published: