দিল্লীত হৈ যোৱা কাৰ্বি শান্তি চুক্তিক কাৰ্বি আংলঙৰ কেইবাটাও সংগঠনে কৰিছে তীব্ৰ বিৰোধিতা।ইয়াৰ মাজতে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিৰ ফেলাংপি অঞ্চলত শান্তি চুক্তিৰ বিৰোধিতাৰে ৰাজপথত গছ বগৰাই জনাইছে প্ৰতিবাদ।

আজি পুৱাই ৰাজপথত গছ বাগৰাই পথ অৱৰোধ কৰাৰ ঘটনাক লৈ ইতিমধ্যে খেৰনিত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ইফালে গছ পেলাই পথ অৱৰোধ কৰাৰ ফলত বিভিন্ন স্থানলৈ যোৱাৰ উদ্দেশ্য ওলাই অহা বহু লোক বহু সময় হৈ পৰে আৱদ্ধ। অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ গছ আঁতৰাই পথছোৱা মুকলি কৰা বুলি জানিব পৰা গৈছে ।ইফালে ৰাজপথত গছ বাগৰাই পথ অৱৰোধেৰে প্ৰতিবাদ কৰা ঘটনাত কোনটো সংগঠন বা কোন লোক জড়িত সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|