• Home
  • »
  • News
  • »
  • assam
  • »
  • Honesty Pays, Story of Home guard Borsing Bay : সাধাৰণ হোমগাৰ্ড এজনৰ অসাধাৰণ কৰ্ম। ডিজিপিয়েও অনুপ্ৰাণিত হৈ কৰিলে পুৰষ্কাৰ ঘোষণা। আৰক্ষীৰ আদৰ্শ ৰাখিলে হোমগাৰ্ড বৰছিং বে'ই।

Honesty Pays, Story of Home guard Borsing Bay : সাধাৰণ হোমগাৰ্ড এজনৰ অসাধাৰণ কৰ্ম। ডিজিপিয়েও অনুপ্ৰাণিত হৈ কৰিলে পুৰষ্কাৰ ঘোষণা। আৰক্ষীৰ আদৰ্শ ৰাখিলে হোমগাৰ্ড বৰছিং বে'ই।

Borsing Bay, Homeguard

Borsing Bay, Homeguard

"ড্ৰাগছ জব্দৰ আঁৰত সততাৰ পৰিচয় দিয়া বৰছিং বে' নামৰ গৃহৰক্ষী জোৱানজন (Home Guard)ক DGP ভাস্কৰ জ্যোতি মহন্তই এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে।

  • Share this:

শেহতীয়াকৈ ৰাজ্যৰ কেইবাগৰাকীও আৰক্ষী বিষয়া বিভিন্ন দুৰ্নীতিত জড়িতৰ অভিযোগৰ বাতৰিয়ে শিৰোনাম দখল তৰি থকাৰ সময়তে আৰক্ষীৰেই এজন হোমগাৰ্ডে বিয়াগোম বিষয়াবোৰৰ মুখত সানিছে ছাই। দেশ, সমাজ আৰু কৰ্তব্যত কিদৰে আপোচ নকৰাকৈ হেলাৰঙে সকলো প্ৰলোভন পৰাভূত কৰিব পাৰি সেয়া দেখুৱাই দিলে এজন সাধাৰণ কিন্তু অসাধাৰণ কৰ্মৰে নজিৰ সৃষ্টি কৰা হোমগাৰ্ডে (Home guard)।


বৰছিং বে' (Borsing Bay) কাৰ্বি আংলঙৰ এজন হোমগাৰ্ড। দিন-ৰাতিৰ চিন-ছাব নাথাকে ডিউটি কৰাৰ সময়ত। আজৰি কেতিয়া, জিৰণি কেতিয়া সেই কথা নজনাকৈয়ে দিন পাৰ কৰে বৰছিং বে'ৰ দৰে হোমগাৰ্ডসকলে। মাহেকৰ মূৰত দহ-বাৰ হাজাৰৰ নামমাত্ৰ দৰমহাৰে পৰিয়াল  পুহি থকা সহস্ৰ হোমগাৰ্ডৰ মাজৰ এজন বৰছিং বে'। কিন্তু এই সাধাৰণ যেন লগা হোমগাৰ্ড বৰছিং বে'ই যি কাম কৰিলে সেয়া হয়তো বহু ডাঙৰ ডাঙৰ আৰক্ষী বিষয়াৰ বাবেও সম্ভৱেই নহ'লহেঁতেন।


মাৰাত্মক ড্ৰাগছ (Drugs) সৰবৰাহকাৰীৰ লোভনীয় প্ৰলোভন নেওচি বৰছিং বে'ৰ তৎপৰতাত সোমবাৰে কাৰ্বি আংলঙৰ ডিলাইত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হ'ল ১২ কোটি টকাৰ ড্ৰাগছ। দুগৰাকী তামিল মহিলাৰ সৈতে মিলি মণিপুৰৰ এখন নৈশ বাছৰ চালকে  গাড়ীৰ ডেছ বোৰ্ডত লুকুৱাই আনিছিল ১২ কোটি (12 Crore) টকা মূল্যৰ তিনি কেজি "মেটাফিটামাইন"ৰ দৰে মাৰাত্মক ড্ৰাগছ। নিয়মীয়া তালাচীৰ সময়ত অকলেই বাছখনত তালাচী চলাই থকা বৰছিং বে'ক লক্ষাধিক টকাৰ প্ৰলোভন দিছিল দুই মহিলা আৰু বাছ চালকজনে। কিন্তু সমাজৰ আৰু যুৱ প্ৰজন্মৰ ধ্বংসৰ কাৰণ ড্ৰাগছৰ সৈতে আপোচ নকৰিলে বৰছিঙে। লগে লগে উচ্চপদস্থ আৰক্ষী বিষয়াক অৱগত কৰে আৰু ড্ৰাগছসহ তিনিওকে গ্ৰেপ্তাৰ কৰা হয়।





বৰছিং বে'ৰ এই নিষ্ঠা আৰু আপোচহীন কৰ্মৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে

লগে লগে  এক লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰে।


উল্লেখ্য যে সোমবাৰে নিশা প্ৰায় ৯-৩০ বজাত ইম্ফল (Imphal)ৰ পৰা গুৱাহাটী অভিমূখে আহি থকা এমএন-০৬-বি-০৫১১ নম্বৰৰ নৈশ বাছখনত বৰছিং বে'ৰ বাবেই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হ'ল ড্ৰাগছখিনি। গ্ৰেপ্তাৰ হৈছে তামিলনাডু (Tamilnadu)ৰ দুই মহিলা ক্ৰমে লক্ষ্মী ডি আৰু পঞ্জাভিৰাম আৰু বাছ চালক খইৰম বসন্ত সিং । বাছচালক খইৰমৰ ঘৰ মণিপুৰ (Manipur)ৰ থৌবাল জিলাত ।


Published by:Manjumoni Borah
First published: