உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কাৰ্বি আংলং-ডিমা হাছাও জিলাত খনিজ সম্পদৰ  হ'ব বৈধ খনন, ডিফুত বৈঠক

    কাৰ্বি আংলং-ডিমা হাছাও জিলাত খনিজ সম্পদৰ  হ'ব বৈধ খনন, ডিফুত বৈঠক

    কাৰ্বি  আংলং স্বায়ত্তশাসিত পৰিষদে ৰাজহ লাভ কৰিব ৭০%, চৰকাৰে ৩০% শতাংশ

    কাৰ্বি  আংলং স্বায়ত্তশাসিত পৰিষদে ৰাজহ লাভ কৰিব ৭০%, চৰকাৰে ৩০% শতাংশ

    কাৰ্বি  আংলং স্বায়ত্তশাসিত পৰিষদে ৰাজহ লাভ কৰিব ৭০%, চৰকাৰে ৩০% শতাংশ

    • Share this:

    কাৰ্বি আংলং আৰু ডিমা হাছাও (karbi anglong and dima hasao) জিলাত চলি থকা অবৈধ খনন বন্ধ কৰি বৈধ কৰাৰ বাবে চৰকাৰে  গ্ৰহণ কৰি আছে বিশেষ পদক্ষেপ। এতিয়াৰে পৰা চৰকাৰে বৈধভাৱে কয়লা খননৰ বাবে দিব  অনুমতি (government will allow legitimate coal mining) ৷ তাৰ বাবে তিনি দিনৰ ভিতৰত সাজু হৈ উঠিব এছ অ' পি ৷ আজি ডিফুত এই কথা স্পষ্ট কৰিলে খনি দপ্তৰৰ মন্ত্ৰী যোগেন মহন আৰু কাৰ্বি  আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে (Tuliram Ronghang)৷


    ডিফুত অনুষ্ঠিত এক সভাৰ পিছতে ৰাজহুৱা কৰা হৈছে এই কথা।আহিব লগা এছ অ' পিৰ পিছতে পাহাৰত বৈধভাৱে  খনন চলিব কয়লা আৰু আন আন খনিজ সম্পদৰ৷ ডিফুত খনিজ দপ্তৰৰ মন্ত্ৰী যোগেন মহন আৰু কাৰ্বি  আংলং স্বায়ত্তশাসিত পৰিষদৰ মাজত হোৱা বৈঠকত এই সিদ্ধান্ত চূড়ান্ত কৰা হয় যদিও মুখ্যমন্ত্ৰীয়ে অন্তিমটো মোহৰ দিয়াৰ লগে লগে হ'ব কাৰ্যকৰী।


    মন্ত্ৰী মহন (Minister Jogen Mohan) আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংবাদ মাধ্যমক কয় যে তিনি দিনৰ ভিতৰত এছ অ' পি প্ৰস্তুত হৈ উঠিব ৷ খনিজ সম্পদ খননৰ পৰা আহিব লগা ৰাজহৰ ৭০% পৰিষদে আৰু ৩০% লাভ কৰিব  ৰাজ্য চৰকাৰে ৷ এই ৰাজহেৰে পৰিষদে আৰু অধিক  উন্নয়নমূলক কাম  কৰিব পৰা যাব বুলিও প্ৰকাশ কৰে ।ইফালে এই এছ অ' পি কাৰ্যকৰী হোৱাৰ পিছত কাৰ্বি আংলং আৰু ডিমা হাছাওত চলিব লগা বৈধ খননৰ সকলো ক্ষমতা স্বায়ত্ত পৰিষদ দুটাৰ হাতত থাকিব বুলিও তুলিৰাম ৰংহাংঙে মন্তব্য কৰে।


    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: