মুখ্যপৃষ্ঠা »খবৰ »অসম »কাৰ্বি আংলঙৰ বকলীয়াঘাটত একেদিনাই দুই শতাধিক ব্যৱসায়ীৰ ক'ভিড টেষ্ট...

কাৰ্বি আংলঙৰ বকলীয়াঘাটত একেদিনাই দুই শতাধিক ব্যৱসায়ীৰ ক'ভিড টেষ্ট...

কাৰ্বি আংলঙৰ বকলীয়াঘাটত ক'ভিডৰ বিৰুদ্ধে ব্যাপক সজাগতা জিলা প্ৰশাসনৰ । একেদিনাই দুই শতাধিক ব্যৱসায়ীৰ ক'ভিড টেষ্ট। প্ৰতি ২১ দিনৰ পিছত চলিব এই কাৰ্যসূচী ।

  • Share this:
কাৰ্বি আংলঙৰ বকলীয়াঘাটত ক'ভিডৰ বিৰুদ্ধে ব্যাপক সজাগতা জিলা প্ৰশাসনৰ । একেদিনাই দুই শতাধিক ব্যৱসায়ীৰ ক'ভিড টেষ্ট। প্ৰতি ২১ দিনৰ পিছত চলিব এই কাৰ্যসূচী ।

ৰাজ্যত অব্যাহত ক'ৰোণাৰ সংহাৰ । অৱশ্যে পূৰ্বৰ তুলনাত আৰোগ্যৰ সংখ্যা বৃদ্ধি পাইছে যদিও ৰাজ্যত আক্ৰান্তৰ সংখ্যা আজিও উদ্বেগজনক । বিশেষকৈ গ্ৰাম্যাঞ্চলসমূহত শেহতীয়াকৈ শিপাইছে ক'ৰোণাৰ সংক্ৰমণ । কাৰ্বি আংলং জিলাতো সংক্ৰমণৰ হাৰ আজিও তুলনামূলকভাৱে উদ্বেগজনক হৈ থকাত জিলা প্ৰশাসনে হাতত লৈছে দৃঢ় পদক্ষেপ ।

সজাগতাৰ ক্ষেত্ৰত কঠোৰভাৱে স্বাস্থ্য বিধি বলবৎ কৰাৰ সমান্তৰালকৈ পাহাৰীয়া জিলাখনৰ সৰু-বৰ সকলো স্থান-বজাৰত বৃদ্ধি কৰা ক'ভিড টেষ্ট ।
বৃহস্পতিবাৰে হাওৰাঘাট নগৰৰ লগতে বকলীয়াঘাটত সৰু-বৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানক এই ৰেণ্ডম ক'ভিড টেষ্টৰ আওতালৈ অনা হয় ।
বকলীয়াঘাটত বৃহস্পতিবাৰে একেদিনাই দুই শতাধিক ব্যৱসায়ীৰ ক'ভিড সম্পন্ন কৰে স্বাস্থ্য বিভাগৰ লোকে । অৱশ্যে এই দুই শতাধিক টেষ্টৰ মাজত এজনো ক'ভিড আক্ৰান্ত ধৰা পৰা নাই । উল্লেখযোগ্য যে জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে প্ৰতি ২১ দিনৰ মূৰে মূৰে এই কাৰ্যসূচী চলি থাকিব বুলি জনাইছে বিভাগীয় বিষয়াই ।

শেহতীয়া বাতৰি