চূড়ান্ত অন্ধবিশ্বাস: পশ্চিম কাৰ্বি আংলঙত চমৎকাৰী বাবাৰ ভণ্ডামী, বাবাক পূজা কৰিলে হেনো মুখৰ পৰা নিৰ্গত হয় ধান!

News18 Assam | News18-Assam
Updated:January 12, 2021, 6:17 PM IST
চূড়ান্ত অন্ধবিশ্বাস: পশ্চিম কাৰ্বি আংলঙত চমৎকাৰী বাবাৰ ভণ্ডামী, বাবাক পূজা কৰিলে হেনো মুখৰ পৰা নিৰ্গত হয় ধান!
ৰোগীসকলে চিকিৎসাৰ বাবে যোৱাৰ উপৰি আন আন লোকে নিজৰ মনোকামনা পূৰণৰ বাবে কাষ চাপিছে এই বাবাজনৰ।

ৰোগীসকলে চিকিৎসাৰ বাবে যোৱাৰ উপৰি আন আন লোকে নিজৰ মনোকামনা পূৰণৰ বাবে কাষ চাপিছে এই বাবাজনৰ।

  • Share this:
পশ্চিম কাৰ্বি আংলং জিলাত অন্ধবিশ্বাসৰ বশৱৰ্তী একাংশ লোক। উক্ত স্থানত হেনো আবিৰ্ভাৱ হৈছে এজন অদ্ভুত বাবাৰ। ৮নং হামৰেন পৰিষদীয় সমষ্টিৰ নকতেৰাং গাঁৱত আবিৰ্ভাৱ হৈছে এই বাবাজনৰ। বাবাজনৰ কাষত এতিয়া ভক্তৰ বৃহৎ সমাগম। জানিব পৰা মতে, আমলং চাৰ  প নামৰ মন্দিৰত প্ৰতি সপ্তাহৰ বুধবাৰ আৰু শুকুৰবাৰে বাবাজনে কৰে পূজা–অৰ্চনা। সেইদিনা বাবাৰ ওচৰলৈ যায় বহু লোক।

ৰোগীসকলে চিকিৎসাৰ বাবে যোৱাৰ উপৰি আন আন লোকে নিজৰ মনোকামনা পূৰণৰ বাবে কাষ চাপিছে এই বাবাজনৰ। ইপিনে বাবাক পূজা কৰাৰ পিছত বাবাৰ মুখৰ পৰা ধান নিৰ্গত হোৱাৰ লগতে বাবাই কৈ দিয়া স্থানৰ পৰা বাবাৰ কাষ চপা লোকসকলে সোণৰ সা–সামগ্ৰী, পিতলৰ বাতি আদি লাভ কৰে বুলিও মন্তব্য কৰিছে বহু লোকে।

মুঠৰ ওপৰত বিজ্ঞানৰ এই যুগত একাংশ লোক অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ নিজৰ সমস্যাৰ সমাধান বিচাৰি কাষ চাপিছে বাবাৰ।
Published by: Sanjay Kumar Das
First published: January 12, 2021, 4:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading