
মুখ্যমন্ত্ৰীয়ে বিভিন্ন প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী আচৰনবিধি উলংঘা কৰিছে: দেবব্ৰত শইকীয়া
মুখ্যমন্ত্ৰীয়ে বিভিন্ন প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী আচৰনবিধি উলংঘা কৰিছে: দেবব্ৰত শইকীয়া
৮ জুনত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন। পাহাৰত এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত। পিছপৰি ৰোৱা নাই কংগ্ৰেছো। কাৰ্বি আংলঙৰ বিভিন্ন সমষ্টিত প্ৰচাৰ চলাইছে ভূপেন বৰা আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ লগতে আন বহু কেইজন নেতাই।
সম্মূখত কাৰ্বি পাহাৰত পৰিষদীয় নিৰ্বাচন। নিৰ্বাচনলৈ মাজতে আৰু তিনিদিন বাকী থকা অৱস্থাত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। মুখ্যমন্ত্ৰীয়ে বিজেপি প্ৰাৰ্থীৰ বাবে মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলাইছে। পিছপৰি ৰোৱা নাই প্ৰধান বিৰোধী দল জাতীয় কংগ্ৰেছ দল। সভাপতি ভূপেন বৰাৰ লগতে বিৰোধী দলপতি দেবব্ৰত শইকীয়ায়ো বিভিন্ন পৰিষদীয় সমষ্টিত চলাইছে নিৰ্বাচনী প্ৰচাৰ। দেবব্ৰত শইকীয়াৰ প্ৰশ্ন যদি বিৰোধীয়ে নাই তেনেহলে ৬০ গৰাকী বিধায়কক বিজেপিয়ে কিয় কাৰ্বি আংলঙত ভৰাই থৈছে। "কাৰ্বি পৰিষদ কংগ্ৰেছে গঠন কৰিম" এই দাবী আমৰেঙৰ কংগ্ৰেছ প্ৰাৰ্থী এলিছ ইংতিপিৰ। পাহাৰীয়া দুখন জিলা মিলি গঠিত ২৬ টা সমষ্টিতে বিজেপিৰ সাংসদ,মন্ত্ৰী বিধায়ক সকলে দলীয় প্ৰাৰ্থীৰ হৈ চলাই আছে প্ৰচাৰ। বিধায়ক দিগন্ত কলিতা আৰু জিতু গোস্বামীৰ দাবী বিজেপিয়ে ২৬ খনৰ ২৬ খনতে জয় হব। শনিবাৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই বিথুং ৰেংথেমাৰ বিজেপি প্ৰাৰ্থী তুলিৰাম ৰংহাং, হামৰেন সমষ্টিৰ মংগলছিং তিমুং আৰু ৰংখাঙৰ লমবেছন বেৰ বাবে পাহাৰত অন্তিমখন নিৰ্বাচনী সভাত অংশ লয়। অন্যান্য সমষ্টিৰ দৰে তুলিৰামৰ সমষ্টিতো প্ৰতিশ্ৰুতিৰ বন্যা বোৱালে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ই।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|