কণ্ঠশিল্পী কৰবী দাসৰ ছুইচাইড নোট উদ্ধাৰ, কি আছে ছুইচাইড নোটত?

প্ৰেমিক ঋতুপৰ্ণই প্ৰায়েই সুৰাপান কৰি কৰবীৰ ঘৰলৈ অহাৰ কথাও উল্লেখ কৰিছে ছুইচাইড নোটত।

News18-Assam
Updated:August 8, 2019, 2:54 PM IST
কণ্ঠশিল্পী কৰবী দাসৰ ছুইচাইড নোট উদ্ধাৰ, কি আছে ছুইচাইড নোটত?
প্ৰেমিক ঋতুপৰ্ণই প্ৰায়েই সুৰাপান কৰি কৰবীৰ ঘৰলৈ অহাৰ কথাও উল্লেখ কৰিছে ছুইচাইড নোটত।
News18-Assam
Updated: August 8, 2019, 2:54 PM IST
উদ্ধাৰ হৈছে কণ্ঠশিল্পী কৰবী দাসৰ ছুইচাইড নোট। কৰবীৰ ছুইচাইড নোটত উল্লেখ আছে বহু বিস্ফোৰক তথ্য। প্ৰেমিক ঋতুপৰ্ণ দাসে কৰবীক শাৰীৰিক-মানসিকভাৱে অত্যাচাৰ চলোৱাৰ কথা উল্লেখ আছে ছুইচাইড নোটত। যাৰ বাবে এই সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল কৰবী। আত্মহত্যাৰ পূৰ্বে মাতৃক উদ্দেশ্যি এই ছুইচাইড নোট লিখি থৈ গৈছে কৰবীয়ে।

প্ৰেমিক ঋতুপৰ্ণই প্ৰায়েই সুৰাপান কৰি কৰবীৰ ঘৰলৈ অহাৰ কথাও উল্লেখ কৰিছে ছুইচাইড নোটত। কৰবীক শাৰীৰিক–মানসিকভাৱে অত্যাচাৰ কৰাৰ লগতে প্ৰতিটো কথাতে অশ্লীল গালি–গালাজৰ লগতে মৃত্যুৰ ভাবুকি দিছিল ঋতুপৰ্ণই। আনকি কৰবীৰ ম’বাইল ফোন হেক কৰি থোৱা বুলিও উল্লেখ আছে ছুইচাইড নোটত।

বুধবাৰে গুৱাহাটীৰ শ্ৰীমন্তপুৰস্থিত কৰবীৰ প্ৰেমিক ঋতুপৰ্ণৰ ভাৰাঘৰত উদ্ধাৰ হৈছিল কৰবীৰ মৃতদেহ। চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল কণ্ঠশিল্পীগৰাকীৰ মৃতদেহ। প্ৰেমিক ঋতুপৰ্ণ দাসৰ ঘৰ গোৱালপাৰাৰ দুধনৈত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

কৰবীৰ ছুইচাইড নোটৰ একাংশ
আৰু চাওক পৰৱৰ্তী বাতৰি