পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল কণ্ঠশিল্পী কৰবী দাসক, মৃত্যুৰ পূৰ্বে প্ৰেমিকৰ সৈতে হৈছিল কাজিয়া!

বুধবাৰে গুৱাহাটীৰ শ্ৰীমন্তপুৰস্থিত কৰবীৰ প্ৰেমিক ঋতুপৰ্ণৰ ভাৰাঘৰত উদ্ধাৰ হৈছিল কৰবীৰ মৃতদেহ।

News18-Assam
Updated:August 8, 2019, 1:42 PM IST
পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল কণ্ঠশিল্পী কৰবী দাসক, মৃত্যুৰ পূৰ্বে প্ৰেমিকৰ সৈতে হৈছিল কাজিয়া!
বুধবাৰে গুৱাহাটীৰ শ্ৰীমন্তপুৰস্থিত কৰবীৰ প্ৰেমিক ঋতুপৰ্ণৰ ভাৰাঘৰত উদ্ধাৰ হৈছিল কৰবীৰ মৃতদেহ।
News18-Assam
Updated: August 8, 2019, 1:42 PM IST
কণ্ঠশিল্পী কৰবী দাসৰ মৃত্যুৰ নতুন তথ্য পোহৰলৈ আহিছে। কৰবীক পৰিকল্পিতভাৱে হত্যাৰ অভিযোগ পৰিয়ালৰ। ভঙা অৱস্থাত উদ্ধাৰ হৈছে কৰবীৰ ম’বাইল ফোন। মৃত্যুৰ পূৰ্বে প্ৰেমিক ঋতুপৰ্ণ দাসৰ সৈতে কাজিয়া হোৱা বুলি মন্তব্য কৰিছে কৰবীৰ ককায়েক মিথুন দাসে। আজি প্ৰেমিক ঋতুপৰ্ণৰ ভাৰাঘৰত ভঙা অৱস্থাত উদ্ধাৰ হয় কৰবীৰ ম’বাইল ফোনটো।

বুধবাৰে গুৱাহাটীৰ শ্ৰীমন্তপুৰস্থিত কৰবীৰ প্ৰেমিক ঋতুপৰ্ণৰ ভাৰাঘৰত উদ্ধাৰ হৈছিল কৰবীৰ মৃতদেহ। চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল কণ্ঠশিল্পীগৰাকীৰ মৃতদেহ। প্ৰেমিক ঋতুপৰ্ণ দাসৰ ঘৰ গোৱালপাৰাৰ দুধনৈত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

ঋতুপৰ্ণ দাস
আৰু চাওক পৰৱৰ্তী বাতৰি