মুখ্যপৃষ্ঠা »খবৰ »অসম »HSLC Results: যমজ ভাতৃ-ভগ্নীৰ সফলতা; চাকিৰ পোহৰত পঢ়ি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’ল বনজিৎ আৰু হিৰামনি

HSLC Results: যমজ ভাতৃ-ভগ্নীৰ সফলতা; চাকিৰ পোহৰত পঢ়ি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’ল বনজিৎ আৰু হিৰামনি

বনজিৎ আৰু হিৰামনিৰ এই সাফল্যই পুনৰ প্ৰমাণিত কৰিলে যে শিক্ষাক কেতিয়াও দৰিদ্ৰতাই কোঙা কৰি ৰাখিব নোৱাৰে।

  • Share this:
দৰিদ্ৰতা শিক্ষাৰ কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। ইয়াকে পুনৰ প্ৰমাণিত কৰিলে দুই ভাতৃ-ভগ্নীয়ে। হয়, এয়া পশ্চিম গুৱাহাটীৰ ভাল্লা কাৰীপাৰাৰ যমজ ভাতৃ-ভগ্নী। তেওঁলোকৰ পঢ়িবলৈ এখন ভাল টেবুল আৰু বিদ্যুতৰ সুবিধা নাই। তথাপিও এখন টেবুলতে দুই ভাতৃ-ভগ্নীয়ে পঢ়ি বিশেষ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে।

তেওঁলোকৰ পিতৃয়ে পথৰ পেলনীয়া প্লাষ্টিক বটল, লো আদি বিচাৰি বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছিল। তেনেক্ষেত্ৰতে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল্লাৰ ভাৰত দাস আৰু নিশা দাসৰ যমজ সন্তান বনজিৎ দাস আৰু হিৰামনি দাস ক্ৰমে ৮৭ শতাংশ আৰু ৮৮  শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। সন্তান দুটিৰ সাফল্যত পিতৃ মাতৃৰ লগতে স্থানীয় লোকসকলো উৎফুল্লিত হৈ পৰিছে।

বনজিৎ আৰু হিৰামনিৰ এই সাফল্যই পুনৰ প্ৰমাণিত কৰিলে যে শিক্ষাক কেতিয়াও দৰিদ্ৰতাই কোঙা কৰি ৰাখিব নোৱাৰে।

শেহতীয়া বাতৰি