உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ASACS: ৰাজ্যত এইডছ আক্ৰান্তৰ সংখ্যাৰে শীৰ্ষত কামৰূপ মেট্ৰ', দ্বিতীয় স্থানত কাছাৰ

    ASACS: ৰাজ্যত এইডছ আক্ৰান্তৰ সংখ্যাৰে শীৰ্ষত কামৰূপ মেট্ৰ', দ্বিতীয় স্থানত কাছাৰ

    অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ ছ'চাইটীৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত মিডিয়া এডভ'কেচি প্ৰগেম সম্পন্ন

    অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ ছ'চাইটীৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত মিডিয়া এডভ'কেচি প্ৰগেম সম্পন্ন

    অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ ছ'চাইটীৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত মিডিয়া এডভ'কেচি প্ৰগেম সম্পন্ন

    • Share this:

    অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ ছ'চাইটী চমুকৈ ASACSৰ উদ্যোগত অনুষ্ঠিত হয় মিডিয়া এডভ'কেচী প্ৰগেম। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত দুঘন্টীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটো সম্পন্ন হয়। এই অনুষ্ঠানৰ জৰিয়তে এইডছ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিগত দিনবোৰত ASACSয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ লগতে HIV/AIDS আইন, ২০১৭ৰ সন্দৰ্ভত সংবাদ মাধ্যমক বিস্তৃতভাৱে অৱগত কৰা হয়।


     ইয়াৰ উপৰি উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ প্ৰগ্ৰেমৰ অধীনস্থ বিভিন্ন কাৰ্যসূচীসমূহ ৰূপায়ণৰ ক্ষেত্ৰত ASACSএ গ্ৰহণ কৰা পদক্ষেপসমূহো উল্লেখ কৰা হয়। এইক্ষেত্ৰত HIV আক্ৰান্ত লোকসকলক চিনাক্তকৰণ, চিকিৎসা প্ৰদান তথা সংক্ৰমণ ৰোধ ইত্যাদি সংক্ৰান্তত গ্ৰহণ কৰা পদক্ষেপসমূহ অন্যতম।


    উল্লেখ্য যে, ASACSএ ৰাজ্যত Opiod Substitution Therapy চমুকৈ OSTৰ সংখ্যা তিনিটাৰ পৰা ছয়টালৈ বৃদ্ধি কৰাৰ পৰিকল্পনাৰ কথা আজিৰ অনুষ্ঠানৰ যোগেদি জনোৱা হয়। ৰাজ্যত এইডছ আক্ৰান্ত ৰোগী চিনাক্ত কৰিবলৈ ASACSএ বিগত সময়ছোৱাৰ লগতে শেহতীয়াকৈ টেষ্টিঙৰ মাত্ৰা বৃদ্ধি কৰিছে।


    মন কৰিবলগীয়া কথা যে এইডছ আক্ৰান্তৰ সংখ্যাৰ ক্ষেত্ৰত ৬,৮৮৮ জন ৰোগীৰে বৰ্তমান কামৰূপ মেট্ৰ শীৰ্ষস্থানত আছে। ইয়াৰ বিপৰীতে ৪,৬০৯ জন ৰোগীৰে দ্বিতীয় স্থানত কাছাৰ জিলা আৰু ১,২৪৫ জন ৰোগীৰে তৃতীয় স্থানত আছে ডিব্ৰুগড় জিলা। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ  ছ'টাইটীৰ আজিৰ এই মিডিয়া এডভ'কেচি অনুষ্ঠানটোত ৰাজ্যিক স্বাস্থ্য বিভাগৰ মুখ্য সচিব অনুৰাগ গোৱেলৰ লগতে ASACSৰ বিষয়ববীয়াসহ আন বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

    Published by:Gautam Barman
    First published: