কামৰূপ মহানগৰ জিলা আৰক্ষী অপৰাধ শাখাই নাগৰিকক সুৰক্ষিত কৰাৰ বাবে জাৰি কৰিছে দুটাকৈ ফোন নম্বৰ ৷ যি ফোন নম্বৰত ২৪ ঘন্টাই মহানগৰবাসীয়ে দিব পাৰিব যিকোনো ধৰণৰ নিৰাপত্তাজনিত অসুবিধাৰ লগতে ওচৰে-পাঁজৰে সংঘটিত হোৱা অপৰাধমূলক ঘটনাৰ তথ্য। অকল ফোনকল কৰিয়ে নহয়, জনাব পাৰিব whatsappৰ জৰিয়তেও। তথ্য পোৱাৰ লগে লগে আৰক্ষী আপোনাৰ ওচৰ পাব আৰু অসুবিধা দূৰ কৰিব (Phone Number for any inconvenience to help or criminal action) ৷
আৰক্ষী আয়ুক্ত হৰমিট সিঙৰ (Guwahati Police Commissioner Harmeet Singh) মতে ড্ৰাগছৰ বিৰুদ্ধে চলি থকা অভিযানত এনে ২৪ ঘন্টাই তথ্য দিয়াৰ বাবে জাৰি কৰা ফোন নম্বৰৰ পৰা বহুত সুফল পোৱা গৈছে। বহু ড্ৰাগছ সৰবৰাহকাৰীসহ জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ সেই অভিজ্ঞতাৰ পৰাই ২৪ ঘন্টীয়া ফোন লাইন মুকলি কৰা হৈছে, যাতে সাধাৰণ লোকে যিকোনো ধৰণৰ অসুবিধাৰ পৰা সহায়ৰ বাবে বা অপৰাধমূলক কাৰ্যৰ বিষয়ে তথ্য দিব পাৰিব ৷"
সাধাৰন জনতাৰ বাবে মুকলি কৰা এই ফোন নম্বৰ দুটা হৈছে 6026901246 আৰু 6026901247 ৷ আৰক্ষী বিষয়াই উল্লেখ কৰা মতে লগে লগে মহানগৰ আৰক্ষী (City Police) উপস্থিত হ'ব আপোনাৰ ওচৰত ৷ এই নম্বৰ দুটা ২৫ জানুৱাৰীৰ পৰা কাৰ্যক্ষম কৰা হৈছে ৷ এতিয়াৰ পৰা যিকোনো সময়ত যিকোনো ধৰণৰ অসুবিধা, সহায় বা অপৰাধৰ তথ্য দিয়াৰ বাবে নম্বৰ দুটা উপলব্ধ হ'ব ৷ মহানগৰ আৰক্ষীৰ ফালৰ পৰা মহানগৰবাসীলৈ আহ্বান- যাতে সকলোৱে নম্বৰ দুটাত যিকোনো ধৰণৰ সহায়ৰ বাবে ফোন কৰে ৷ আশে পাশে হোৱা অপৰাধৰ তথ্য দিয়ে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|