• Home
  • »
  • News
  • »
  • assam
  • »
  • সংগৃহীত কৰ জমা নিদিয়াৰ বাবে নিলম্বিত হ’ল কামৰূপ(ম)ৰ ডিটিঅ’ অৰুণ বৰাসহ অন্য ৩ কৰ্মচাৰী

সংগৃহীত কৰ জমা নিদিয়াৰ বাবে নিলম্বিত হ’ল কামৰূপ(ম)ৰ ডিটিঅ’ অৰুণ বৰাসহ অন্য ৩ কৰ্মচাৰী

সংগৃহীত কৰ জমা নিদিয়াৰ বাবে কামৰূপ মেট্ৰ’ৰ জিলা পৰিবহণ বিষয়া অৰুণ বৰাক নিলম্বন কৰা হৈছে।

সংগৃহীত কৰ জমা নিদিয়াৰ বাবে কামৰূপ মেট্ৰ’ৰ জিলা পৰিবহণ বিষয়া অৰুণ বৰাক নিলম্বন কৰা হৈছে।

সংগৃহীত কৰ জমা নিদিয়াৰ বাবে কামৰূপ মেট্ৰ’ৰ জিলা পৰিবহণ বিষয়া অৰুণ বৰাক নিলম্বন কৰা হৈছে।

  • Share this:
সংগৃহীত কৰ জমা নিদিয়াৰ বাবে কামৰূপ মেট্ৰ’ৰ জিলা পৰিবহণ বিষয়া অৰুণ বৰাক নিলম্বন কৰা হৈছে। পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশ মৰ্মে বিষয়াজনক কৰা হয় নিলম্বন। যান বাহনৰ কৰ জমা দিয়াৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগ উত্থাপিত কৰি শাস্তিমূলকভাৱে বিষয়াজনৰ বিৰুদ্ধে লোৱা হয় এই ব্যৱস্থা।

অৰুণ বৰাসহ অন্য তিনিগৰাকী বিষয়াকো একেই অভিযোগৰ ভিত্তিত নিলম্বিত কৰা হৈছে। জিলা পৰিবহণ বিষয়াৰ কাৰ্য্যালয়ৰ মুখ্য সহায়ক সীমান্ত নেওক, কনিষ্ঠ সহায়ক অৰূপ কুমাৰ বৰ্মণ আৰু কেচিয়াৰ সিদ্ধেশ্বৰ ৰংহাঙক কৰা হয় নিলম্বন।

উল্লেখযোগ্য যে, কৰ জমা কৰাৰ ক্ষেত্ৰত কিছু অনিয়ম সংঘটিত হোৱাৰ ঘটনা পৰিবহণ বিভাগৰ দৃষ্টিগোচৰ হৈছিল। এইক্ষেত্ৰত তাৎক্ষণিকভাৱে ঘোষণা কৰা হৈছিল তদন্ত। তদন্তৰ অন্তত এই কথা পোহৰলৈ আহিছিল যে, কামৰূপ মেট্ৰ’ৰ জিলা পৰিবহণ বিষয়া অৰুণ বৰাই দিছিল কৰ ফাঁকিৰ অনুমতি।
Published by:Himangshu Bhuyan
First published: