বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / অম্বুবাচী মেলা সুকলমে অনুষ্ঠিত কৰাক লৈ কামৰূপ(ম) জিলা প্ৰশাসনৰ আগতীয়া তৎপৰতা

অম্বুবাচী মেলা সুকলমে অনুষ্ঠিত কৰাক লৈ কামৰূপ(ম) জিলা প্ৰশাসনৰ আগতীয়া তৎপৰতা

অম্বুবাচী মেলা সুকলমে অনুষ্ঠিত কৰাক লৈ কামৰূপ(ম) জিলা প্ৰশাসনৰ আগতীয়া তৎপৰতা

মেলা আয়োজনৰ ক্ষেত্ৰত কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে সকলো বিভাগ আৰু কামাখ্যা দেৱালয়ৰ মাজত সমন্বয় সাধন কৰিব।

  • News18 Assam Assam
  • Last Updated :
News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

সমাগত অম্ববাচী মেলা সুকলমে অনুষ্ঠিত কৰাৰ বাবে আজি কামৰূপ (মহানগৰ) জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া, মেলা আয়োজনৰ বিভিন্ন দায়িত্বত থকা বিভাগসমূহৰ বিষয়া আৰু কামাখ্যা দেৱালয়ৰ দলৈসহ কেবাজনো প্ৰতিনিধিৰ অংশগ্ৰহণেৰে এখন বৈঠক অনুষ্ঠিত হয়।

অতিৰিক্ত উপায়ুক্ত ড৹ ধ্ৰুৱজ্যোতি হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত কোনোধৰণৰ অসুবিধা নোহোৱাকৈ অহা ২২ জুনৰ পৰা ২৬ জুনলৈ হ’বলগীয়া অম্বুবাচী মেলা সম্পন্ন কৰাৰ বাবে বিভাগসমূহে পালন কৰিবলগীয়া দায়িত্বৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। মেলা আয়োজনৰ ক্ষেত্ৰত কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে সকলো বিভাগ আৰু কামাখ্যা দেৱালয়ৰ মাজত সমন্বয় সাধন কৰিব। অতিৰিক্ত উপায়ুক্ত ড৹ হাজৰিকাই জনায় যে বিগত বৰ্ষত ভক্তৰ বাবে পাঁচটা শিবিৰ স্থাপন কৰা হৈছিল যদিও এইবাৰ শিবিৰৰ সংখ্যা বৃদ্ধিৰ চিন্তা-চৰ্চা কৰি থকা হৈছে৷ বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে গুৱাহাটী পৌৰ নিগমে মেলাৰ দিনকেইটাত মন্দিৰ চৌহদ সহিতে সমগ্ৰ গুৱাহাটী মহানগৰীৰ স্বচ্ছতাৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ লগতে নামনিৰ পৰা কামাখ্যা মন্দিৰলৈ অহা- যোৱা পথ আলোকিত কৰিব।

বিজ্ঞাপন

GMDAই জালুকবাৰী উৰণীয়া সেতু, ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ, বালাজী মন্দিৰ, উমানন্দ মন্দিৰ, বিভিন্ন উদ্যানকে ধৰি গুৰুত্বপূৰ্ণ স্থানসমূহ আলোকিত কৰাৰ দায়িত্ব পালিন কৰিব৷ স্বাস্থ্য বিভাগে কামাখ্যা মন্দিৰৰ লগতে মন্দিৰৰ নামনিৰ প্ৰৱেশ পথ আৰু ভক্ত থাকিবলগীয়া শিবিৰত স্বাস্থ্য শিবিৰ স্থাপন কৰিব। APDCLএ মেলাৰ দিনকেইটাত অবিৰত বিদ্যুৎ যোগান নিশ্চিত কৰিব৷ বন বিভাগক কামাখ্যা মন্দিৰৰ সমীপত বিপদশংকুলভাৱে থকা গছৰ ডালবোৰ কটাৰ দায়িত্ব দিয়া হয়৷ বন বিভাগক লগতে সাপৰ বিষ নাশক দৰৱ মজুত ৰখা আৰু সাপ ধৰা মানুহ সাজু কৰি ৰাখিবলৈ কোৱা হয়। শিবিৰ আৰু গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা কামাখ্যা মন্দিৰৰ নামনিলৈ ভক্ত কঢ়িয়াবৰ বাবে বাহনৰ ব্যৱস্থা অসম ৰাজ্যিক পৰিবহণ নিগমে কৰিব। পাহাৰৰ নামনিৰ পৰা ভক্তক মন্দিৰলৈ নিয়াৰ বাবে ফেৰী কাৰৰ ব্যৱস্থা কৰা হ’ব৷ মেলাৰ সময়ত মন্দিৰ চৌহদ আৰু ভক্তৰ বাবে স্থাপন কৰা শিবিৰত যাতে পানীৰ নাটনি নহয় তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়া হয়।

ইয়াৰোপৰি যান-জঁট আৰু ভিৰ ব্যৱস্থাপনা, ভক্তৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ল’বলগীয়া সামগ্ৰিক পৰিকল্পনা গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে গ্ৰহণ কৰিব। বৈঠকত অসম পৰ্যটন উন্নয়ণ নিগম, ৰে’লৱে, লোক নিৰ্মাণ, এন ডি আৰ এফ, এছ ডি আৰ এফ, স্কাউট এণ্ড গাইড আদি বিভাগসমূহকো তেওঁলোকৰ দায়িত্বসমূহ ভগাই দিয়া হয়।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন