• Home
  • »
  • News
  • »
  • assam
  • »
  • এইবাৰ কোৰোণা প্ৰট'কলৰ মাজেৰে হ'ব অসম বিধানসভা নিৰ্বাচন, মাইক ব্যৱহাৰৰ লগতে নিৰ্বাচনী ৰেলীৰ ক্ষেত্ৰতো থাকিব বিশেষ নিয়ম

এইবাৰ কোৰোণা প্ৰট'কলৰ মাজেৰে হ'ব অসম বিধানসভা নিৰ্বাচন, মাইক ব্যৱহাৰৰ লগতে নিৰ্বাচনী ৰেলীৰ ক্ষেত্ৰতো থাকিব বিশেষ নিয়ম

সংবাদমেল সম্বোধন কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই।

সংবাদমেল সম্বোধন কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই।

সংবাদমেল সম্বোধন কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই।

  • Share this:
নিৰ্বাচন আয়োগে ঘোষণা কৰিলে আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ দিন। ইফালে ৰাজ্যত আকৌ বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। তাৰ মাজতে সকলো দিশ সামৰি শনিবাৰে সংবাদমেল সম্বোধন কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই।

  • ২২ মাৰ্চ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন।

  • কোৰোণা বিধিৰ মাজেৰে এইবাৰ সম্পন্ন হ'ব বিধানসভা নিৰ্বাচন। ১০০০তকৈ অধিক ভোটাৰ থাকিলে নতুন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব ভোটাৰ সকলক। নতুনকৈ ৫১৩টা ভোট কেন্দ্ৰ কামৰূপত সাজু কৰা হৈছে। নতুনকৈ ৬০টা মহিলা পোলিং কেন্দ্ৰ সাজু কৰা হৈছে। পূৰ্বে ৬০টা আছিল।

  • 03613517412 নম্বৰত ৰাইজে অভিযোগ দিব পাৰিব। 1950 toll free number।

  • কোভিডৰ সকলো নীতি নিয়ম পালন কৰিব লাগিব ভোটকেন্দ্ৰসমূহত। সকলো নিৰ্বাচনী বিষয়াক কোভিড ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে।

  • সভাত মাইক ব্যৱহাৰ কৰিবলৈ অনুমতি লব লাগিব। নিশা ১০বজাৰ পৰা পুৱা ৬বজালৈ মাইক ব্যৱহাৰ কৰিব নোৱাৰিব।

  •  সভা চলি থাকিলে সন্মুখেৰে আন দলৰ বৃহৎ ৰেলী পাৰ হৈ যাব নোৱাৰিব।

  •  মহানগৰী ৪টা সমষ্টিত এইবাৰ প্ৰায় ৫০হাজাৰ ভোটাৰে ভোটদান কৰিব।

  • নিৰ্বাচনী আচৰণ ভংগ কৰা দেখিলে যিকোনো লোকে C VIGIL.. এপছৰ জৰিয়তে অভিযোগ দিব পাৰিব।

  • সভা অনুষ্ঠিত কৰাৰ বাবে suvidha এপচৰ জৰিয়তে অনুমতি ল'ব লাগিব।

Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি