১৫ ডিচেম্বৰৰ ভিতৰত ভোটাৰ তালিকাত নামভৰ্তি তথা ওজৰ-আপত্তি দাখিল কৰিব পাৰিব৷ ৫ জানুৱাৰীৰ ২০২১ ৰ ভিতৰত ওজৰ-আপত্তিৰসমূহ শেষ কৰা হ’ব৷ ১৫ জানুৱাৰীত সম্পূর্ণ কৰা হ’ব ভোটাৰ তালিকা৷ সংবাদ মেলত ক’লে কামৰূপ মহানগৰ উপায়ুক্তই।
বৰ্তমান কামৰূপ মহানগৰ জিলাত আছে ১১ হাজাৰ ভোটাৰ যিয়ে এতিয়ালৈকে জমা দিয়া নাই ফটো৷ নিৰ্ধাৰিত সময়ত ফটো জমা নিদিলে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ’ব নাম৷ আনহাতে, ১১ হাজাৰৰ ৪৮২৮ গৰাকীৰ হয় মৃত্যু হৈছে নাইবা সমষ্টি সলনি কৰিছে৷ বৰ্তমানলৈকে প্ৰায় ১৮ হাজাৰ নতুন ভোটাৰে ভোটাৰ তালিকাত নাম উঠোৱাৰ বাবে আবেদন কৰিছে৷ এই সংখ্যা আৰু বৃদ্ধি পাব৷
উপায়ুক্ত বিশ্বজিৎ পেগুৱে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনক লৈও মন্তব্য কৰে৷ কামৰূপ মহানগৰ জিলাত ৬টা সমষ্টি আছে৷ য’ত থাকিব ১০০টা পোলিং ষ্টেচন৷ মহানগৰ আৰক্ষীয়ে আটাইকেইটা পোলিং ষ্টেচনকে স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰিছে আৰু নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰত সম্পূৰ্ণ কৰিছে পৰিকল্পনা৷
কামৰূপ জিলা প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে ভোটাৰ তালিকা উন্নীত কৰা আৰু তিৱা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|