অনিশ্চয়তা আঁতৰা নাই! অহা ২১ ছেপ্তেম্বৰত খুলিবনে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ?

News18 Assam | News18-Assam
Updated:September 16, 2020, 5:26 PM IST
অনিশ্চয়তা আঁতৰা নাই! অহা ২১ ছেপ্তেম্বৰত খুলিবনে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ?
ফাইল ফটো

কিছুদিন পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শিক্ষানুষ্ঠান পুনৰ মুকলি কৰাকলৈ এক বিশেষ ইংগিত প্ৰদান কৰিছিল ৷

  • News18 Assam
  • Last Updated: September 16, 2020, 5:26 PM IST
  • Share this:
ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ মুকলি কৰাত দেখা দিছে অনিশ্চয়তা ৷ কিছুদিন পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শিক্ষানুষ্ঠান পুনৰ মুকলি কৰাকলৈ এক বিশেষ ইংগিত প্ৰদান কৰিছিল ৷ ২১ ছেপ্তেম্বৰৰ পূৰ্বে বিদ্যালয়সমূহ চেনিটাইজ কৰাৰ নিৰ্দেশ দিছিল শিক্ষামন্ত্ৰীয়ে ৷ একেদৰে কোভিড নিগেটিভ শিক্ষকসকলক ১ ছেপ্তেম্বৰৰ পৰা বিদ্যালয়লৈ অহাৰো নিৰ্দেশ প্ৰদান কৰিছিল ৷



পিছে, শিক্ষামন্ত্ৰীৰ এই নিৰ্দেশৰ বিপৰীত কামৰূপ মহানগৰ জিলা উপাযুক্ত বিশ্বজিৎ পেগুৱে কয় যে, এতিয়ালৈ মহানগৰীৰ কোনো বিদ্যালয় চেনিটাইজ কৰা হোৱা নাই ৷ কিয়নো জিলা উপায়ুক্ত কাৰ্য্যলয়সমূহলৈ এতিয়ালৈকে কোনো চৰকাৰী নিৰ্দেশ প্ৰেৰণ কৰা হোৱা নাই ৷ যাৰ বাবে কোনো বিদ্যালয়ত চেনিটাইজ কৰিব পৰা নাই ৷ সেইদৰে মন্ত্ৰীয়ে ১ ছেপ্তেম্বৰৰ পৰা বিদ্যালয়ত শিক্ষক উপস্থিত থকাৰ নিৰ্দেশ দিছিল যদিও দুই এজন শিক্ষকহে উপস্থিত হৈছে বিদ্যালয়ত।’

ইফালে বাঢ়িয়েই আছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। বাঢ়িছে কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোকৰ সংখ্যা। গতিকে এনে জটিল সময়ত অহা ২১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ খুলিবনে নাই, সেয়া সময়ত স্পষ্ট হ’ব। সেইদৰে খুলিলেও কেনে ধৰণৰ নিয়ম নীতি-অৱলম্বন কৰা হয়, সেয়া সময়তহে লক্ষণীয় হ’ব!
Published by: Himangshu Bhuyan
First published: September 16, 2020, 5:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading