• Home
  • »
  • News
  • »
  • assam
  • »
  • সান্ধ্য আইনৰ সময়ত কৰিব নোৱাৰিব ইভিনিং ৱাক–চাইক্লিং, কোভিডক লৈ অধিক কঠোৰ মহানগৰ প্ৰশাসন

সান্ধ্য আইনৰ সময়ত কৰিব নোৱাৰিব ইভিনিং ৱাক–চাইক্লিং, কোভিডক লৈ অধিক কঠোৰ মহানগৰ প্ৰশাসন

কোৰোণা পৰিস্থিতিৰ মাজতো বজাৰ আদি ঠাইত সমাগম বৃদ্ধি হোৱাটো উদ্বেগজনক বুলি মন্তব্য উপায়ুক্তগৰাকীৰ।

কোৰোণা পৰিস্থিতিৰ মাজতো বজাৰ আদি ঠাইত সমাগম বৃদ্ধি হোৱাটো উদ্বেগজনক বুলি মন্তব্য উপায়ুক্তগৰাকীৰ।

কোৰোণা পৰিস্থিতিৰ মাজতো বজাৰ আদি ঠাইত সমাগম বৃদ্ধি হোৱাটো উদ্বেগজনক বুলি মন্তব্য উপায়ুক্তগৰাকীৰ।

  • Share this:
কোভিডক লৈ কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ গুৰুত্বপূৰ্ণ মন্তব্য। বিগত কিছুদিন ধৰি মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাত পূৰ্বতকৈ অধিক কঠোৰ হ'ব জিলা প্ৰশাসন।পূৰ্বতে একোটা বিশেষ অঞ্চলতহে বৃদ্ধি পাইছিল কোভিড আক্ৰান্তৰ সংখ্যা। এতিয়া কেৱল এটা ৱাৰ্ড অথবা অঞ্চলত আক্ৰান্তৰ সংখ্যা সীমাবদ্ধ হৈ থকা নাই। কোভিডৰ ভয়াৱহতাৰ ৰোধ কৰিবলৈ জনতাই নিজেই ল'ব লাগিব প্ৰয়োজনীয় ব্যৱস্থা। সামাজিক দূৰত্ব অৱলম্বন, মাস্ক পৰিধান কৰিলেহে কোৰোণা সংক্ৰমণ ৰোধ হ'ব। জনসাধাৰণক কোৰোণা প্ৰট'কল মানি চলিবলৈ আহ্বান উপায়ুক্তগৰাকীৰ।

সান্ধ্য আইনৰ সময়ছোৱাত চলাচল কৰা, চাইক্লিং অথবা ইভিনিং ৱাক আদি কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়নি উপায়ুক্তৰ। এনে লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

কোৰোণা পৰিস্থিতিৰ মাজতো বজাৰ আদি ঠাইত সমাগম বৃদ্ধি হোৱাটো উদ্বেগজনক বুলি মন্তব্য উপায়ুক্তগৰাকীৰ। সেয়েহে আজিৰে পৰা অধিক কঠোৰ হ'ব কামৰূপ মহানগৰ জিলা প্ৰশাসন। প্ৰশাসনৰ দ্বাৰা গঠিত টাস্ক ফ'ৰ্চে বিভিন্ন স্থানত দিব চাডেন ভিজিট। গতিকে ৰাইজক SOPৰ নিৰ্দেশনাসমূহ সঠিকভাৱে পালন কৰিবলৈ আহ্বান উপায়ুক্তগৰাকীৰ।
Published by:Sanjay Kumar Das
First published: