মুখ্যপৃষ্ঠা »খবৰ »অসম »Covid Vaccination: ১৮ বছৰৰ ঊৰ্ধ্বৰ কোভিড টিকা নোলোৱাসকলৰ তালিকা প্ৰস্তুতিৰ নিৰ্দেশ কামৰূপ মহানগৰ প্ৰশাসনৰ

Covid Vaccination: ১৮ বছৰৰ ঊৰ্ধ্বৰ কোভিড টিকা নোলোৱাসকলৰ তালিকা প্ৰস্তুতিৰ নিৰ্দেশ কামৰূপ মহানগৰ প্ৰশাসনৰ

প্ৰতিষেধক নোলোৱা লোকৰ সংখ্যা নিশ্চিত কৰি প্ৰথম পালি, দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব।

প্ৰতিষেধক নোলোৱা লোকৰ সংখ্যা নিশ্চিত কৰি প্ৰথম পালি, দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব।

প্ৰতিষেধক নোলোৱা লোকৰ সংখ্যা নিশ্চিত কৰি প্ৰথম পালি, দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব।

  • Share this:

কামৰূপ মহানগৰ জিলাৰ ১৮ বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে যাতে ক’ভিড প্ৰতিষেধক লোৱাৰ পৰা বাদ পৰি নাযায়, সেয়া নিশ্চিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰস্তুত কৰিছে এক বিশেষ সূত্ৰ। যোৱা বিধানসভা নিৰ্বাচনৰ ভোটাৰ তালিকা অনুসৰণ কৰি বি এল অ’ পৰ্যায়ৰ পৰা ছেক্টৰ, চাৰ্কোল আৰু জিলা পৰ্যায়ত প্ৰস্তুত কৰা হ’ব প্ৰতিষেধক নোলোৱা ব্যক্তিসকলৰ তালিকা।


বুধবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত এই সিদ্ধান্ত লোৱা হয়। গুৱাহাটী পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত শৰ্মিষ্ঠা বৰা, গুণজিৎ ৰায় চৌধাৰীৰ লগতে চক্ৰ বিষয়াসকল উপস্থিত থকা এই সভাত জিলা উপায়ুক্তগৰাকীয়ে বি এল অ’সকলক ঘৰে ঘৰে গৈ অথবা ফোন কৰি প্ৰথমতে ক’ভিড প্ৰতিষেধক নোলোৱাসকলৰ তালিকা প্ৰস্তুতিৰ নিৰ্দেশ দিয়ে।


তেনেদৰে ছুপাৰভাইজৰ আৰু এ আৰ অ’সকলে ছেক্টৰ পৰ্যায়ত বিষয়টো চোৱা-চিতা কৰিব। প্ৰতিজন চক্ৰ বিষয়াৰ অধীনত এইদৰে প্ৰতিটো ৰাজহ চক্ৰত প্ৰতিষেধক নোলোৱা লোকৰ সংখ্যা নিশ্চিত কৰি প্ৰথম পালি, দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব। জিলাবাসীৰ সুস্বাস্থ্যৰ বাবে জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰি এই পৰ্যন্ত প্ৰতিষেধক নোলোৱা ১৮ বছৰৰ ঊৰ্ধৰ লোকসকলৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

শেহতীয়া বাতৰি