உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিধানসভা নিৰ্বাচনলৈ সাজু মহানগৰ প্ৰশাসন, চাৰি সমষ্টিৰ নিৰ্বাচনৰ বাবে ১২ হাজাৰ জোৱানক প্ৰশিক্ষণ

    বিধানসভা নিৰ্বাচনলৈ সাজু মহানগৰ প্ৰশাসন, চাৰি সমষ্টিৰ নিৰ্বাচনৰ বাবে ১২ হাজাৰ জোৱানক প্ৰশিক্ষণ

    ৪ সমষ্টিৰ ভোটকেন্দ্ৰৰ নিৰাপত্তাৰ বাবে নিয়োজিত হ’ব লগা ১২০০০ জোৱানক দেওবাৰৰ পৰা ৩ দিনীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷

    ৪ সমষ্টিৰ ভোটকেন্দ্ৰৰ নিৰাপত্তাৰ বাবে নিয়োজিত হ’ব লগা ১২০০০ জোৱানক দেওবাৰৰ পৰা ৩ দিনীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷

    ৪ সমষ্টিৰ ভোটকেন্দ্ৰৰ নিৰাপত্তাৰ বাবে নিয়োজিত হ’ব লগা ১২০০০ জোৱানক দেওবাৰৰ পৰা ৩ দিনীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷

    • Share this:
    নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা সময়তে কামৰূপ মহানগৰৰ ৪টা সমষ্টিৰ মুঠ ১৭০৭টা ভোটকেন্দ্ৰৰ নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি তুলিবলৈ সাজু হৈ উঠিছে মহানগৰ প্ৰশাসন৷ জালুকবাৰী, দিছপুৰ, পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ ১২০৪টা মূল ভোটকেন্দ্ৰৰ লগতে ৫০৩টা সহায়ক কেন্দ্ৰৰ সুৰক্ষাৰ বাবে থাকিব সুকীয়া নিৰাপত্তাৰক্ষী৷

    ৪ সমষ্টিৰ ভোটকেন্দ্ৰৰ নিৰাপত্তাৰ বাবে নিয়োজিত হ’ব লগা ১২০০০ জোৱানক দেওবাৰৰ পৰা ৩ দিনীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷ জিলা পুথিভঁৰালত পুৱা ১০ বজাৰ পৰা ১ বজালৈ দিয়া হ’ব প্ৰশিক্ষণ৷ ১৪, ১৫ আৰু ১৬ মাৰ্চত চলিব ১২০০ জোৱানৰ বিশেষ প্ৰশিক্ষণ৷

    নিবেদন দাস পাটোৱাৰী নামৰ জিলা প্ৰশাসনৰ বিষয়াগৰাকীয়ে জোৱানসকলক প্ৰশিক্ষণ দিয়াৰ উপৰি কেইবাজনো মাষ্টাৰ ট্ৰেইনাৰ আৰু আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত থাকিব৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি, প্ৰতিটো ভোটকেন্দ্ৰত জোৱানসকলে পালন কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত দিয়া হ’ব এই বিশেষ প্ৰশিক্ষণ৷

    ইতিমধ্যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ১৫০ গৰাকী আৰক্ষী বিষয়াৰ প্ৰশিক্ষণ কাৰ্য সমাপ্ত কৰিছে৷ ৪ সমষ্টিৰ নিৰ্বাচনৰ তদাৰকৰ দায়িত্বত থাকিব বিষয়াকেইগৰাকী৷ মুঠতে অহা ৬ এপ্ৰিলত হ’ব লগীয়া ৩য় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত ৫১নং জালুকবাৰী, ৫২নং দিছপুৰ, ৫৩নং পূব গুৱাহাটী আৰু ৫৪নং পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ নিৰাৰত্তাক লৈ কোনো সুৰুঙা ৰাখিব বিচৰা নাই মহানগৰ প্ৰশাসনে৷

    ৪ সমষ্টিৰ ১৭০৭টা ভোটকেন্দ্ৰত আছে  ১১,৩৭,৩৭৬জন ভোটাৰ৷ ইয়াৰে জালুকবাৰী সমষ্টিত ২,০২,৪০০গৰাকী, দিছপুৰ সমষ্টিত ৪,০৬,৫৫৬গৰাকী, পূব গুৱাহাটী সমষ্টিত ২,৩৬,২৮৯ গৰাকী আৰু পশ্চিম গুৱাহাটী সমষ্টিত ২,৯২,১৩১জন ভোটাৰ আছে৷ এইসকল ভোটৰাক ভোটদানৰ বাবে  আকৰ্ষণ কৰিবলৈ বাবে জিলা প্ৰশাসনে নতুন নতুন ব্যৱস্থা হাতত লৈছে৷

    তদুপৰি, ভোটকেন্দ্ৰত যাতে ভোটদান কৰিব যাওঁতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে জোৱানসকলক এই প্ৰশিক্ষণৰ জৰিয়তে সম্পুৰ্ণৰূপে সাজু কৰি তোলাৰ চেষ্টা চলালে৷ ইয়াৰ উপৰি সময়ে সময়ে সমানে সমানে নিৰ্বাচনী বিষয়াসকলকো বিশেষ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে জিলা প্ৰশাসনে৷ মুঠতে অন্য জিলাসমূহৰ সমান্তৰালকৈ মহানগৰ প্ৰশাসন সম্পুৰ্ণৰূপে সাজু হৈ উঠিছে বিধানসভা নিবাচনক লৈ।
    Published by:Sanjay Kumar Das
    First published: