உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আপোনাৰ ভূমি সম্পৰ্কীয় অভিযোগ আছে নেকি? কামৰূপ(মঃ) জিলা উপায়ুক্তৰ বিশেষ পদক্ষেপ

    আপোনাৰ ভূমি সম্পৰ্কীয় অভিযোগ আছে নেকি? কামৰূপ(মঃ) জিলা উপায়ুক্তৰ বিশেষ পদক্ষেপ

    জনসাধাৰণৰ ভূমি সম্পৰ্কীয় অভিযোগ নিষ্পত্তিৰ প্ৰয়াসেৰে উপায়ুক্তৰ কাৰ্যালয়ত আজি আয়োজন কৰে বিশেষ লোক আদালতৰ।

    জনসাধাৰণৰ ভূমি সম্পৰ্কীয় অভিযোগ নিষ্পত্তিৰ প্ৰয়াসেৰে উপায়ুক্তৰ কাৰ্যালয়ত আজি আয়োজন কৰে বিশেষ লোক আদালতৰ।

    জনসাধাৰণৰ ভূমি সম্পৰ্কীয় অভিযোগ নিষ্পত্তিৰ প্ৰয়াসেৰে উপায়ুক্তৰ কাৰ্যালয়ত আজি আয়োজন কৰে বিশেষ লোক আদালতৰ।

    • Share this:


    কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। উপায়ুক্তগৰাকীৰ তৎপৰতাত জনসাধাৰণৰ ভূমি সম্পৰ্কীয় অভিযোগ নিষ্পত্তিৰ প্ৰয়াসেৰে শুকুৰবাৰে আয়োজন কৰা হয় বিশেষ লোক আদালতৰ। উপায়ুক্তৰ কাৰ্যালয়ত পুৱা ১১ বজাৰ পৰা ১ বজালৈকে গুৱাহাটী, চন্দ্ৰপুৰ আৰু সোণাপুৰ ৰাজহ চক্ৰৰ জনসাধাৰণৰ বাবে অনুষ্ঠিত হ'ল এই বিশেষ লোক আদালতৰ।

    উল্লেখ্য যে, আজি অনুষ্ঠিত লোক আদালতত বহু অভিযোগ ঠাইতে মীমাংসা কৰাৰ উপৰিও কিছুসংখ্যক অভিযোগ নিষ্পত্তিকৰণৰ বাবে জিলা প্ৰশাসনে ৭ দিনৰ সময়-সীমা লোৱা বুলি জানিব পৰা গৈছে।

    বিশেষ লোক আদালতত গুৱাহাটী, চন্দ্ৰপুৰ আৰু সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকলৰ উপৰি সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াবৰ্গও উপস্থিত থাকে। মন কৰিবলগীয়া যে, ৰাজহ আৰু ভূমি সংক্ৰান্তীয় বিষয়ত প্ৰশাসনৰ সেৱা স্বচ্ছ, নিকা আৰু লগতে ক্ষীপ্ৰ কৰাৰ উদ্দেশ্যে উপায়ুক্তগৰাকীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ইফালে অহা ২৬ ফেব্ৰুৱাৰীত পৰৱৰ্তী লোক আদালত অনুষ্ঠিত কৰা হ'ব বুলি জানিব পৰা গৈছে।
    Published by:Himangshu Bhuyan
    First published: