মন্দিৰ কমিটীয়ে শ্ৰীকৃষ্ণৰ খোজ সমূহ সংৰক্ষণ কৰি প্ৰায় ২৩ বছৰ ধৰি জ্বলাই আছে অখণ্ড বন্তি।
মন্দিৰ কমিটীয়ে শ্ৰীকৃষ্ণৰ খোজ সমূহ সংৰক্ষণ কৰি প্ৰায় ২৩ বছৰ ধৰি জ্বলাই আছে অখণ্ড বন্তি।
এখন পৰম পবিত্ৰ তীৰ্থস্থান! য'ত বিচাৰি পোৱা যায় শ্ৰী কৃষ্ণৰ শৈশৱ কালৰ কিছু ৰোমাঞ্চকৰ মুহূৰ্তৰ আভাস। শ্ৰী শ্ৰী গোৱৰ্ধন বিষ্ণু মন্দিৰ নামৰ তীৰ্থস্থান অৱস্থিত দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গোৱৰ্ধন পাহাৰত। এই পাহাৰৰ টিলাত আৱৰি থকা ৫০০ বছৰ পুৰণি শিল সমূহে শ্ৰী কৃষ্ণৰ শৈশৱকালৰ আভাস দিয়ে বুলি বিশ্বাস কৰি আহিছে।
পাহাৰখনৰ শিলসমূহত শ্ৰীকৃষ্ণৰ খোজ, ৰথৰ চকাৰ চিহ্ন , মাৰ্বল খেলা গাত, হাতীৰ খোজ, হুবহু হাতীৰ শিলৰ প্ৰতিমূৰ্তি আৰু শ্ৰী কৃষ্ণৰ প্ৰেম লীলাৰ কিছু দৃশ্য। আজিও বহুতে বিশ্বাস কৰে গোৱৰ্ধন পাহাৰত শ্ৰী কৃষ্ণই শিশু কালত গোপ শিশু সহিতে গৰু চৰাইছিল।
চৰকাৰৰ পৰা কোনো অনুদান নোপোৱা এই তীৰ্থস্থানখনত স্থানীয়লোকে নিজৰ ধন খৰচ কৰি বহুবছৰ পূৰ্বে সাজি উলিয়াইছিল এটি মন্দিৰ। মন্দিৰটোক শ্ৰী শ্ৰী গোৱৰ্ধন বিষ্ণু মন্দিৰ বুলি নামকৰণ কৰা হৈছিল। দক্ষিণ কামৰূপৰ লগতে বিভিন্নস্থানৰ ভক্তই দৰ্শন কৰে এই তীৰ্থ স্থান।
মন্দিৰ কমিটীয়ে শ্ৰীকৃষ্ণৰ খোজ সমূহ সংৰক্ষণ কৰি প্ৰায় ২৩ বছৰ ধৰি জ্বলাই আছে অখণ্ড বন্তি। এই ছয়গাওঁৰ গোৱৰ্ধন পাহাৰৰ মন্দিৰৰ শিলত প্ৰেমিক প্ৰেমিকাই প্ৰেম সফল হ'বলৈ নিজৰ নাম লিখা পৰম্পৰা এতিয়াও চলি আহিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|