ক'ভিডৰ বাবে হোৱা সান্ধ্য আইনৰ সুবিধা লৈ একাংশ দোকানীয়ে অধিক মূল্যত বস্তু বিক্ৰী কৰি থকাৰ মাজতে কামৰূপ জিলাৰ ডিমু-ডোৱক চাৰিআলিৰ ব্যৱসায়ীসকলে লৈছে প্ৰশংসনীয় পদক্ষেপ । ব্যৱসায়ীসকলক উৎসাহিত কৰিবলৈ বুধবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস উপস্থিত হ'ল ডিমুত।
ক'ভিডৰ বাবে হোৱা সান্ধ্য আইনৰ সুবিধা লৈ একাংশ দোকানীয়ে অধিক মূল্যত বস্তু বিক্ৰী কৰি থকাৰ মাজতে কামৰূপ জিলাৰ ডিমু-ডোৱক চাৰিআলিৰ ব্যৱসায়ীসকলে লৈছে প্ৰশংসনীয় পদক্ষেপ । ব্যৱসায়ীসকলক উৎসাহিত কৰিবলৈ বুধবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস উপস্থিত হ'ল ডিমুত।
ক'ভিডৰ বাবে হোৱা সান্ধ্য আইনৰ সুবিধা লৈ একাংশ দোকানীয়ে অধিক মূল্যত বস্তু বিক্ৰী কৰি থকাৰ মাজতে কামৰূপ জিলাৰ ডিমু-ডোৱক চাৰিআলিৰ ব্যৱসায়ীসকলে লৈছে প্ৰশংসনীয় পদক্ষেপ । সোমবাৰে নতুনকৈ গঠন হোৱা ডিমু-ডোৱক গেলামাল ব্যৱসায়ী সন্থাই চৰকাৰী নিৰিখ অনুযায়ী গ্ৰাহকক সামগ্ৰী বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল ।
এই পদক্ষেপক আদৰণি জনাইছে যোগান মন্ত্ৰী ৰঞ্জিত দাসে । ব্যৱসায়ী সকলক উৎসাহিত কৰিবলৈ বুধবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে উপস্থিত হ'ল ডিমু-ডোৱকত । লগতে ব্যৱসায়ীসকলৰ লগত এখন সভাত মিলিত হৈ মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ পদক্ষেপক প্ৰশংসা কৰে আৰু লগতে অনাগত দিনত সকলোৰে সহায় সহযোগ কামনা কৰে মন্ত্ৰীগৰাকীয়ে । সভাখনত উপস্থিত থাকে ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা , যোগান বিভাগৰ উপ সঞ্চালক মতিনুৰ ৰহমান, ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালৰ লগতে বহুলোক । সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে লংকাৰ উদালিত ঘটা চিকিৎসক নিগ্ৰহৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি কয় যে সংকটকালত নিজৰ জীৱনক বিপদত পেলাই সেৱা আগবঢ়াই থকা চিকিৎসকক সকলোৱে সন্মান কৰিব লাগে । মন্ত্ৰী গৰাকীয়ে কয় যে এনে ঘটনাৰ বাবে আইন প্ৰণয়ন কৰা হৈছে আৰু আইনে এই ঘটনাৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|