‘অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে সন্মানীয় চকীৰ পদমৰ্যাদা হেৰুৱাইছে’

যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে আমিনুল হক লস্কৰে অসম বিধান সভাৰ সন্মানীয় উপাধ্যক্ষৰ পদমৰ্যাদা লাঘৱ কৰিছে।
যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে আমিনুল হক লস্কৰে অসম বিধান সভাৰ সন্মানীয় উপাধ্যক্ষৰ পদমৰ্যাদা লাঘৱ কৰিছে।
- News18 Assam
- Last Updated: September 13, 2020, 1:00 PM IST
"আমিনুল হক লস্কৰৰ যিমান বয়স হৈছে, সিমান বছৰ তৰুণ গগৈয়ে কেৱল ৰাজনীতিয়ে কৰিছে। গতিকে তেনে ব্যক্তিক অপমান কৰাটো দুৰ্ভাগ্যজনক।’’ – ক’লে কমৰুল ইছলাম চৌধুৰীয়ে। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীৰ মতে কংগ্ৰেছ আৰু এআইইউডিএফৰ প্ৰস্তাৱিত মহাজোঁটৰ খবৰত কম্পমান হৈছে বিজেপিৰ নেতাসকল। বিশেষকৈ "এক্সিডেণ্টেল এম এল এ" খ্যাত আমিনুল হক লস্কৰৰ দৰে বৰাকৰ বিজেপি বিধায়কে নিজৰ সমষ্টি হেৰুওৱাৰ ভয়ত এতিয়া আবোল তাবোল বকিছে বুলি অভিযোগ কৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে।