ভেকচিন কেন্দ্ৰত অভিযোগ দিয়াৰ বহু সময়ৰ পিছতহে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে মহিলাগৰাকীৰ৷ মহিলাগৰাকী দক্ষিণ চাংচকীৰ বন্দনা চৌধুৰী বৰা৷
ভেকচিন কেন্দ্ৰত অভিযোগ দিয়াৰ বহু সময়ৰ পিছতহে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে মহিলাগৰাকীৰ৷ মহিলাগৰাকী দক্ষিণ চাংচকীৰ বন্দনা চৌধুৰী বৰা৷
কামপুৰৰ এটা ভেকচিন কেন্দ্ৰত সংঘটিত হৈছে অঘটন৷ এগৰাকী মহিলাক একেলগে দিলে দুটাকৈ ভেকচিন৷ উত্তৰ চাংচকী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয় ভেকচিন কেন্দ্ৰত এই ঘটনা৷ ভেকচিন লোৱাৰ পিছতে অচেতন হৈ পৰে মহিলাগৰাকী৷ স্বাস্থ্য বিভাগৰ অসাৱধানতাৰ বাবে সংঘটিত হয় এই ঘটনা৷
ভেকচিন কেন্দ্ৰত অভিযোগ দিয়াৰ বহু সময়ৰ পিছতহে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে মহিলাগৰাকীৰ৷ মহিলাগৰাকী দক্ষিণ চাংচকীৰ বন্দনা চৌধুৰী বৰা৷
উল্লেখযোগ্য যে মহিলাগৰাকীক প্ৰথমে এগৰাকী নাৰ্ছে ভেকচিন দি উঠাৰ পিছতে বহি থকাৰ সময়তে আন এগৰাকী নাৰ্ছে আহি পুনৰ এটা ভেকচিন প্ৰদান কৰে। দ্বিতীয়তো ভেকচিন দিয়াৰ পিছতেই মহিলাগৰাকী অসুস্থ হৈ পৰে।
ইপিনে ঘটনা সন্দৰ্ভত স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে দায় সৰা মন্তব্য কৰি কয় যে মহিলাগৰাকীক ভেকচিন যিহেতু প্ৰদান কৰিছিলেই তেওঁ কিয় দ্বিতীয়বাৰ ভেকচিন দিওঁতে উল্লেখ কৰা নাছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|