কামপুৰত বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা। কপিলীৰ বানত ভগা মথাউৰিসমূহ পঞ্চায়তৰ অধীনত নিৰ্মিত সেয়া জলসম্পদ বিভাগৰ নহয়: পীয়ুষ হাজৰিকা।
কামপুৰত বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা। কপিলীৰ বানত ভগা মথাউৰিসমূহ পঞ্চায়তৰ অধীনত নিৰ্মিত সেয়া জলসম্পদ বিভাগৰ নহয়: পীয়ুষ হাজৰিকা।
ৰাংঢালী কপিলীৰ এতিয়া ৰুদ্ৰ ৰূপ ৷ কামপুৰত অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ বানৰ মাজত আবদ্ধ লোকৰ আৰ্তনাদ ৷ গৰ্ভৱতী মহিলা আৰু শিশুক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিব লগা হৈছে কলগছৰ ভূঁৰত ৷ জীৱ কূলৰ এতিয়া বিলাই বিপত্তি নোহোৱা অৱস্থা ৷
সকলোফালে এক অবৰ্ণনীয় পৰিৱেশ ৷ নিজৰ ঘৰ বাৰী হেৰুৱাই এতিয়া দিশহাৰা হৈছে সকলো ৷ কপিলী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ ইখনৰ পাছত সিখনকৈ গাঁও ৷ প্ৰায় ৫০ খন গাওঁ এতিয়া বানৰ কবলত ৷ কামপুৰ গাৰোখুন্দাৰ মথাউৰি ভঙাৰ ফলত চাইবুক গাঁওকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈ পৰিছে । আনহাতে প্ৰেমাজানৰ মথাউৰি ভঙাৰ ফলত কপিলী নৈৰ বাঢ়নী পানীয়ে গোসাঁইগাঁৱত এক অভাৱনীয় পৰিবেশৰ সৃষ্টি কৰিছে । গোঁসাইগাঁৱৰ পথৰ ওপৰৰে তীব্ৰ বেগত পানী বাগৰাৰ ফলত অঞ্চলৰ ৰাইজৰ ঘৰে ঘৰে এতিয়া এবুকু পানী হোৱা পৰিলক্ষিত হৈছে । আনহাতে কপিলীৰ পানীয়ে পুনৰ ভাঙি নিলে সৰুপথাৰ ৪৮ ব্লকৰ মথাউৰি ৷ জলমগ্ন হৈ পৰিছে খকনজুৰি, পূৱ ডেকেৰুৱা, পশ্চিম ডেকেৰুৱা, ভেৰভেৰিকে ধৰি বহু কেইখন গাঁও ৷ ইপিনে আজি অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই কামপুৰৰ বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে কামপুৰত উপস্থিত হয়হি। মন্ত্ৰী গৰাকীয়ে কামপুৰৰ ভলভলীয়া, গোসাইগাঁও, চাইবুক গাঁৱকে ধৰি কেইবাটাও বানবিধ্বস্ত অঞ্চলত বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বৰ্নাত্যৰ লগত মত বিনিময় কৰে।মন্ত্ৰী গৰাকীয়ে লগতে ভগ্ন মথাউৰি পৰিদৰ্শন কৰি অতি শীঘ্ৰে মথাউৰি সমূহ মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়।উল্লেখ্য যে,আজি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে কামপুৰত কপিলী নদীৰ বানে ভঙা মথাউৰি সমূহ জলস্পদ বিভাগৰ নহয় সেয়া পঞ্চায়তৰ অধীনত নিৰ্মাণ হোৱা মথাউৰিহে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|