• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Himanta Biswa Sarma: কামপুৰত মুখ্যমন্ত্ৰীক সাৱটি ধৰিলে বান বিধ্বস্তই, মুখ্যমন্ত্ৰীয়ে দিলে এই আশ্বাস

CM Himanta Biswa Sarma: কামপুৰত মুখ্যমন্ত্ৰীক সাৱটি ধৰিলে বান বিধ্বস্তই, মুখ্যমন্ত্ৰীয়ে দিলে এই আশ্বাস

Himanta Biswa Sarma: বানৰ পানী কমাৰ পিছত প্ৰলয়ংকাৰী বানৰ কাৰকসমূহ অধ্যয়ন কৰি বান নিয়ন্ত্ৰনত বিশেষ ব্যৱস্হা লোৱা হ’ব :মুখ্যমন্ত্ৰীআশ্ৰয় শিৱিৰতে ভাগিনহতে গীত পৰিৱেশন কৰি শুনালে মৰমৰ হিমন্ত মামাক ।

Himanta Biswa Sarma: বানৰ পানী কমাৰ পিছত প্ৰলয়ংকাৰী বানৰ কাৰকসমূহ অধ্যয়ন কৰি বান নিয়ন্ত্ৰনত বিশেষ ব্যৱস্হা লোৱা হ’ব :মুখ্যমন্ত্ৰীআশ্ৰয় শিৱিৰতে ভাগিনহতে গীত পৰিৱেশন কৰি শুনালে মৰমৰ হিমন্ত মামাক ।

Himanta Biswa Sarma: বানৰ পানী কমাৰ পিছত প্ৰলয়ংকাৰী বানৰ কাৰকসমূহ অধ্যয়ন কৰি বান নিয়ন্ত্ৰনত বিশেষ ব্যৱস্হা লোৱা হ’ব :মুখ্যমন্ত্ৰীআশ্ৰয় শিৱিৰতে ভাগিনহতে গীত পৰিৱেশন কৰি শুনালে মৰমৰ হিমন্ত মামাক ।

  • Share this:
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই বুধবাৰে  পৰিদৰ্শন  কৰিলে  চাপৰমুখ, কামপুৰ, ৰহাৰ বানপীড়িত অঞ্চল (Flood Affected Areas)। প্ৰথমে ৰে'লেৰে চাপৰমূখত উপস্হিত হৈ ৰে'ল ষ্টেচনত মুখ্যমন্ত্ৰীয়ে বন্যাক্ৰান্তৰ লগত মত বিনিময় কৰে। তাৰ পিছত তেওঁ পুনৰ ৰে'লৰে কামপুৰত উপস্হিত হয় ৷ কামপুৰ ৰে'ল ষ্টেচনত আশ্ৰয় লোৱা  বানাক্ৰান্ত সকলৰ লগত মতবিনিময় কৰে ৷ বানত সৰ্বস্বান্ত হোৱা সকলক সান্তনা দিয়াৰ লগতে  বানাক্ৰান্ত (Flood Affected People)সকলক সহায় কৰিবলৈ চৰকাৰ সদায় প্ৰস্তুত বুলি আশ্বাস দিয়ে ৷

কামপুৰ ষ্টেচনৰ পৰা মুখ্যমন্ত্ৰী কামপুৰ মহাবিদ্যালয়, কামপুৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, কামপুৰ আদৰ্শ হাইস্কুলত থকা আশ্ৰয় শিবিৰ (Relief Camps)লৈ যায় ৷  তাৰ পৰা স্পীড বোটেৰে মুখ্যমন্ত্ৰী গৰাকীয়ে কামপুৰৰ বানবিধ্বস্ত অঞ্চল পৰ্যবেক্ষণ কৰি কঠীয়াতলীলৈ ৰাওনা হয় ।  কঠিয়াতলীলৈ গৈ তাৰ পৰা গাড়ীৰে ৰহালৈ ৰাওনা হয় ৷

মুখ্যমন্ত্ৰীয়ে বিয়লি ৫.৩০ বজাত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা বান শিবিৰত উপস্থিত হৈ শিবিৰটোৰ প্ৰতিটো কোঠালৈ গৈ বানাক্ৰান্তৰ লগত বাৰ্তালাপ কৰে । শিবিৰৰ একাংশ লোকে ৰহাৰ দূৰ্গাজানৰ মথাউৰিটো শক্তিশালী কৈ নিৰ্মান কৰি ৰাইজৰ জীৱন বচাবলৈ মুখ্যমন্ত্ৰীক জোৰ কৈ ধৰাত পানী শুকালে নিজেই দূৰ্গাজানলৈ যাব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে ।

বান শিবিৰত থকা  শিশুৰ ওমলা গৃহত প্ৰবেশ কৰি শিশু সকলে পৰিবেশন কৰা গীত শুনে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীৰ আগমনত আনন্দিত বানাক্ৰান্ত শিবিৰত থকা কিশোৰ কিশোৰীয়ে মামা মামা চিঞৰি চেলফি তোলাত  ব্যস্ত হৈ পৰে ।  একেদৰে চাপৰমূখত ৰেল ষ্টেচনত উপস্হিত হোৱাৰ সময়ত একাংশই জয়ধ্বনি দিয়ে  ৷  মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ বাবে নগাঁও জিলা প্ৰশাসন  সক্ৰিয় হৈ পৰে বান সাহাৰ্য যোগানত ৷ বান পীড়িতৰ বাবে আজি হোজাইৰ পৰা ৰে’লেৰে খাদ্যসামগ্ৰী আনি কামপুৰ ৰেল ষ্টেচনত মজুত কৰে ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বানপানী (Flood Situation) পৰিদৰ্শন কৰি কয় - নগাঁও জিলাৰ এক বৃহৎ এলেকা  বানে প্লাবিত কৰিছে ৷ বানপানী কমাৰ পিছত প্ৰলয়ংকৰী বানৰ কাৰকসমূহ অধ্যয়ন কৰি বান নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা লোৱা হ’ব ৷

মুখ্যমন্ত্ৰীৰ বান পৰিদৰ্শন কালত চাপৰমুখত বিধায়ক শশী কান্ত দাস, কামপুৰত বিধায়ক জিতু গোস্বামী, ৰহাত বিধায়ক ৰূপক শৰ্মা আৰু শশীকান্ত দাস উপস্থিত থাকে ।
Published by:Manjumoni Borah
First published: