• Home
  • »
  • News
  • »
  • assam
  • »
  • Manipur Landslide : নিশাটো পাৰ হ'লেই ঘৰ অভিমুখে অহাৰ কথা আছিল কমলেশৰ, কিন্তু নিয়তিৰ বিধানত সেয়াই আছিল শেষনিশা

Manipur Landslide : নিশাটো পাৰ হ'লেই ঘৰ অভিমুখে অহাৰ কথা আছিল কমলেশৰ, কিন্তু নিয়তিৰ বিধানত সেয়াই আছিল শেষনিশা

শেষবাৰৰ বাবে ১১.৩০ বজালৈ পত্নীৰ লগত  কথা পাতি থকাৰ সময়তে হঠাতে বন্ধ হয় ফোন

শেষবাৰৰ বাবে ১১.৩০ বজালৈ পত্নীৰ লগত  কথা পাতি থকাৰ সময়তে হঠাতে বন্ধ হয় ফোন

শেষবাৰৰ বাবে ১১.৩০ বজালৈ পত্নীৰ লগত  কথা পাতি থকাৰ সময়তে হঠাতে বন্ধ হয় ফোন

  • Share this:
    নিশা পাৰ হ'লেই মণিপুৰৰ পৰা নিজ গৃহলৈ  ৰাওনা হোৱাৰ কথা আছিল কমলেশৰ ৷ নিশা পত্নীৰ সৈতে পাতিছিল ঘৰলৈ আহিব বুলি কথা ৷ কিন্তু মণিপুৰৰ  ননৱেত যেন মৃত্যুৱে হাত বাউলি মাতিছিল তেওঁক।

    ৩০ জুনৰ মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনৰ কবলত পৰিছিল ৰে'ল বিভাগৰ অভিযন্তা কমলেশ তালুকদাৰ ৷ বিগত প্ৰায় দহ দিনে সন্ধানহীন আছিল অভিযন্তা কমলেশ তালুকদাৰ ৷  অৱশেষত  ৯ জুলাইত উদ্ধাৰ হয় কমলেশ তালুকদাৰৰ মৃতদেহ।

    মণিপুৰত যোৱা ২৯ জুনৰ দিনা শেষবাৰৰ বাবে ১১.৩০ বজালৈ পত্নীৰ লগত  কথা পাতি থকাৰ সময়তে হঠাতে ফোনটো কাটি যায়। আৰু তাৰ পিছতে পিছদিনা শোকাৱহ ঘটনাটোৰ খবৰ লাভ কৰে পৰিয়ালে। মণিপুৰৰ জিৰিবাম-ইম্ফল নিউ ৰে'ল লাইন নিৰ্মাণৰ কামত ভাৰতীয় ৰে'ল বিভাগৰ অভিযন্তা হিচাপে নিয়োজিত আছিল কমলেশ তালুকদাৰ।

    যোৱা ২১ জুন তাৰিখে শেষ বাৰৰ বাবে কৰ্মস্থলীলৈ যায় তেওঁ। কমলেশ তালুকদাৰৰ ঘৰ  গোলকগঞ্জৰ কালডোৱা দ্বিতীয় খণ্ড গাঁওত। কমলেশ তালুকদাৰে ২০১৬ চনত ভাৰতীয় ৰে'ল বিভাগৰ অভিযন্তা হিচাপে যোগদান কৰিছিল মণিপুৰত ৷ প্ৰায় পাঁচ বছৰ মণিপুৰত চাকৰি কৰি আছিল কমলেশ তালুকদাৰে ৷

    মণিপুৰৰ ননৱেৰ পৰা  পহিলা জুলাইত নিজ বাসগৃহত আহি পোৱাৰ কথা আছিল কমলেশ ৷ কিন্তু ননৱেত নিশা কটাই ঘৰলৈ উভতি অহাৰ এদিন পূৰ্বে পতিত হয় পাহাৰৰ ভূমিস্খলনত (Manipur Landslide) ৷

    ৯ জুলাইত উক্ত স্থানত পৰিয়ালৰ লোকে গৈ চিনাক্ত কৰে কমলেশ তালুকদাৰক ৷ আজি পুৱা ইম্ফলৰ পৰা স্ব-গৃহ ধুবুৰীৰ কালডোবা লৈ কমলেশৰৰ নশ্বৰদেহ লৈ অহাত গভীৰ শোকৰ ছাঁ বিৰাজ কৰে ৷ অসংখ্য গুণমুগ্ধই কমলেশৰ বাসগৃহত ভিৰ কৰে ৷ পিছত অশ্ৰুসিক্ত নয়নেৰে কমলেশক বিদায় জনায়  পৰিয়ালে৷
    Published by:Gautam Barman
    First published:

    শেহতীয়া বাতৰি