কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কংগ্ৰেছে উলিওৱা ভাৰত জোড়ো যাত্ৰা অসমত আৰম্ভ কৰা হ'ব ১ নৱেম্বৰৰ পৰা। ধুবুৰীৰ পৰা শদিয়ালৈ কৰিবলগীয়া এই যাত্ৰা ধুবুৰী জিলাৰ গোলকগঞ্জৰ পৰা আৰম্ভ হ'ব। ভাৰত জোৰো যাত্ৰাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ সাজু হোৱাৰ সময়তে কংগ্ৰেছ দললৈ শুভেচ্ছা জনাইছে কমলপুৰৰ বিজেপি বিধায়ক দিগন্ত কলিতাই।
কলিতাই ভাৰত জোড়ো যাত্ৰাৰ বাবে শুভেচ্ছা জনাই কয় যে নিৰ্বাচন আহিলেহে এই দলটো একত্ৰিত হয়, বাকী সময়ত শুই থকা শিয়াল সদৃশ। কলিতাই লগতে কংগ্ৰেছে বিজেপিৰ সাংগঠনিক কাম-কাজক অনুসৰণ কৰিছে বুলি উল্লেখ কৰি প্ৰশ্ন উত্থাপন কৰে– কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা কিয় ধুবুৰীৰ পৰা আৰম্ভ কৰিবলৈ লৈছে? অসমীয়া মানুহ কংগ্ৰেছৰ লগত নাই বুলি জানিয়ে মিঞাক লৈ ধুবুৰীৰ পৰা আৰম্ভ কৰিছে। মিঞা মিউজিয়াম, মিঞাৰ সমৰ্থনতহে ভূপেন বৰাই যাত্ৰা কৰিছে।
দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ সময়ত বিজেপিয়ে জোৰদাৰকৈ লাগি থকা বুলি জানিবলৈ দি দশমটো নিৰ্বাচনতো ভূপেন বৰাৰ কংগ্ৰেছ পৰাজিত হ'ব বুলি কয়। কলিতাই লগতে প্ৰকাশ কৰে– মিঞা বুলি কোনো জাতি নাই, ইতিহাস নাই, মিঞাৰ লগত বাঙালীৰ তুলনা হ'ব নোৱাৰে। বাঙালী মিউজিয়াম লাগিলে চৰকাৰৰ লগত আলোচনা কৰিব, কিন্তু মিঞা মিউজিয়ামৰ লগত বাঙালী মিউজিয়ামৰ তুলনা উচিত নহয়।
তেওঁ লগতে শ্বেৰমান আলী আহমেদ প্ৰসংগ টানি আনি পুনৰ কয়– আলীৰ মগজুৰ বিকৃতি ঘটিছে, শ্বেৰমান আলী ৰাঁচী বা তেজপুৰলৈ সোনকালে যাব লাগে চিকিৎসাৰ বাবে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।